NORTHEAST NOW (Assamese)
অসম

‘দুখিতঃ,ক’ৰ’নাৰ দৰৱ বুলি জনা নাছিলো’…ক্ষমাপত্ৰ লিখি চোৰে ওভতালে চুৰি কৰা ভেকচিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 23, 2021 3:32 pm
chor

এজন চোৰৰ এটা বিশেষ কথাই এতিয়াকে বহুতকে আমোদৰ খোৰাক দিছে।

লগতে চোৰ জনৰ কাৰ্যক বহুতকে প্ৰশংসাও কৰিছে।

কোভিডৰ আতংকই এতিয়া সমগ্ৰ দেশকে গ্ৰাস কৰিছে।বহু ঠাইত নাটনি হৈছে অক্সিজেন, ভেকচিনৰ।

হাৰিয়ানাৰ এখন চিকিৎসালয়ত এজন চোৰে শেহতীয়াকৈ চুৰি কাৰ্য সংঘটিত কৰে।

চোৰ জনে বুধবাৰে নিশা হাৰিয়ানাৰ জিন্দত থকা পিপি চেণ্টাৰ জেনেৰেল হস্পিতালৰ ষ্টোৰৰ চাৰিটাকৈ তলা ভাঙি ষ্টোৰত প্ৰৱেশ কৰিছিল আৰু ঔষধৰ কেইবাটাও বাকচ চুৰি কৰি নিছিল।

ষ্টোৰত থকা লেপটপ অথবা নগদ ৫০ হাজাৰ টকাত চোৰে হাত দিয়া নাছিল। হয়তো সেয়া চোৰ জনে দেখা পোৱা নাছিল।

যিকি নহওঁক, আজি পুৱা চোৰ জনে সেই ঔষধ খিনি এখন মোনাত ভৰাই জিন্দৰ অসামৰিক চিকিৎসালয়ৰ ওচৰৰ এখন চহৰ দোকানত এৰি থৈ যায়।

বহু সময় ধৰি মোনা খনৰ গৰাকী আহি নোপোৱাত আৰক্ষীক খবৰ দিয়া হয় আৰু আৰক্ষীয়ে আহি মোনা খন খোলে।

মোনা খনৰ ভিতৰত চোৰ জনে ঔষধ খিনিৰ লগত এখন ক্ষমাপত্ৰও এৰি থৈ যায়।

তাত তেওঁ লিখিছে—‘ দুখিতঃ,ক’ৰ’নাৰ দৰৱ বুলি জনা নাছিলো’।আৰক্ষীয়ে প্ৰকাশ কৰা মতে চোৰ জনে কোভিডৰ মুঠ ৬২২ টা ডোজ চুৰি কৰিছিল।

ইয়াৰ ভিতৰত ১৮২ টা কোভিশ্বিল্ড ভেকচিন আৰু ৪৪০ টা কোভাক্সিন ভেকচিন।

চোৰৰ এনে মহানুভৱতাক সকলোৱে শলাগিছে।