NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড১৯ : ভাৰতক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ পাকিস্তানৰ এটা জনকল্যান সংস্থাৰ, মোদীলৈ পত্ৰপ্ৰেৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 23, 2021 4:52 pm

পাকিস্তানৰ এটা জনকল্যান সংস্থাই ক’ভিড-১৯ পৰিস্থিতিৰ স’তে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতক সহায় প্ৰদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

‘এধি ফাউণ্ডেছন’ (Edhi Foundation) নামৰ সংস্থাটোৰ মুৰব্বী ফইজল এধিয়ে শুক্ৰবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এই সংক্ৰান্তত  এখনি পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনিত তেওঁ সংস্থাটোক ভাৰতত প্ৰৱেশৰ অনুমতি বিচাৰিছে যাতে সংস্থাটোৱে এটা স্বেচ্ছাসেৱকৰ দলৰ স’তে ৫০খনকৈ এম্বুলেন্স ভাৰতলৈ পঠাব পাৰে।

ইয়াৰ উপৰিও ফইজল এধিয়ে কয় যে স্বেচ্ছাসেৱকৰ দলটোক তেওঁ নিজেই নেতৃত্ব প্ৰদান কৰিব।

পত্ৰখনিত তেওঁ প্ৰধানমন্ত্ৰী মোদীক কয় যে মহামাৰীয়ে ভাৰতক যিদৰে ব্যাপক প্ৰভাৱ পেলাইছে, সেই বিষয় লৈ সংস্থাটো অতি দুঃখিত।

তেওঁ কয় যে ভাৰতৰ লোকসকলক সহায় কৰিবলৈ তেওঁলোকে প্ৰয়োজনীয় সামগ্ৰীসমূহৰ ব্যৱস্থা নিজে কৰি ল’ব, এইক্ষেত্ৰত ভাৰত চৰকাৰক কোনোধৰণৰ অনুৰোধ কৰা নাই।

“আমি কেৱল ভাৰতত প্ৰৱেশ কৰিবৰ বাবে অনুমতি প্ৰদানৰ লগতে স্থানীয় প্ৰশাসন আৰু আৰক্ষী বিভাগৰ প্ৰয়োজনীয় নিৰ্দেশাৱলীসমূহৰ অনুৰোধ কৰিছো।”- পত্ৰখনিত কোৱা হৈছে।

উল্লেখযোগ্য যে ফইজল এধিৰ এই সংস্থাটো পাকিস্তানৰ এটা বৃহৎ দাতব্য সংস্থা।

সংস্থাটোৱে জৰুৰীকালিন সময়ত এম্বুলেন্সৰ যোগান ধৰি আহিছে।

ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কৰ ক্ষেত্ৰতো সংস্থাটোৱে যোগাত্মক কাম কৰি আহিছে।

২০১৫ চনত পোন্ধৰ বছৰধৰি পাকিস্তানত বন্দী হৈ থকা গীতা নামৰ বধিৰ কন্যাগৰাকীক ভাৰতলৈ প্ৰত্যাৰ্পন কৰাৰ ক্ষেত্ৰত সংস্থাটোৱে আগভাগ লৈছিল।

উল্লেখযোগ্য যে বৰ্তমান পাকিস্তানত টুইটাৰযোগে ভাৰতৰ অক্সিজেন চিলিণ্ডাৰৰ অভাৱৰ বিষয়ে দেশখনৰ নাগৰিকসকলে উদ্বেগ প্ৰকাশ কৰা থকা গৈছে।

 #IndiaNeedsOxygen নামেৰে টুইটাৰত এটা কেম্পেইনো পাকিস্তানত চলি থকা দেখা পোৱা গৈছে।

দেশখনৰ নাগৰিকসকলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক অনুৰোধ জনাইছে যাতে মহামাৰীৰ যুঁজখনত ভাৰতক পাকিস্তানে সহযোগ আগবঢ়ায়।

এধি ফাউণ্ডেচনৰ এই পত্ৰখনৰ পাছতে সামাজিক মাধ্যমত সংস্থাটোক প্ৰশংসাৰে উপচাই পেলোৱা হৈছে।