NORTHEAST NOW (Assamese)
অসম

অসহায় দিল্লী! আৰু এসপ্তাহৰ বাবে লকডাউনৰ ম্যাদ বৃদ্ধিৰ ঘোষণা কেজৰিৱালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 25, 2021 1:19 pm
Delhi lockdown

যোৱা সপ্তাহত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীত ৬দিনৰ বাবে লকডাউনৰ কথা ঘোষণা কৰিছিল। সেই লকডাউনৰ ম্যাদ পুনৰ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অহা ৩ মে’ৰ পুৱা ৫ বজালৈ এই লকডাউনৰ ম্যাদ অব্যাহত থাকিব।

কৰ’নাৰ দ্বিতীয়টো ঢৌত বিপৰ্যস্ত হৈ পৰিছে দিল্লীৰ পৰিস্থিতি। অক্সিজেনৰ অভাৱত বহু ৰোগীৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ পাইছে।

দিল্লী চৰকাৰে এনে পৰিস্থিতিত অক্সিজেনৰ সৰবৰাহৰ প্ৰতি দৃষ্টি ৰাখিবলৈ নতুন প’ৰ্টেল মুকলি কৰিছে।

আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই প’ৰ্টেল সম্পৰ্কত কয়,’’আমি এটা পৰ্টেল আৰম্ভ কৰিছো। ইয়াত প্ৰতি দুঘন্টাৰ মূৰে মূৰে অক্সিজেনৰ আপডেট কৰা হ’ব। ইয়াৰ ফলত উৎপাদনকাৰী, সৰবৰাহকাৰী আৰু হাস্পাতালসমূহৰ অক্সিজেন মেনেজমেন্ট কাৰ্যকৰী হ’ব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰিছে।‘’

ইপিনে, ৰাষ্ট্ৰীয় ৰাজধানীখনত শনিবাৰে ২৪,১০৩জন নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে আৰু ৩৫৭জন লোকৰ কৰ’নাত মৃত্যু ঘটিছে। এয়া কৰ’না আৰম্ভ হোৱাৰ পৰা চহৰখনত এদিনত সৰ্বাধিক মৃত্যুৰ ৰেকৰ্ড।

দিল্লীত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৯৩,০৮০জন।