NORTHEAST NOW (Assamese)
Popular Stories

ইচ্ছাকৃতভাৱে ২২জন লোকলৈ ভাইৰাচ সোঁচৰাই আটক হ’ল এজন ক’ভিড ৰোগী, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 25, 2021 6:35 pm
covid

২২ জন লোকলৈ কৰোণা ভাইৰাচ সংক্ৰমণ কৰি গ্ৰেপ্তাৰৰ মুখামুখি হ’ল এজন লোক।

স্পেইনৰ মাজৰ্কা (Majorca) নামৰ ঠাইখনত সংঘটিত হৈছে এই ঘটনা।

অভিযোগ অনুসৰি, কাঁহ আৰু জ্বৰত ভুগি থকা এজন ৪০ বৰ্ষীয় লোকে নিজৰ অসুখক নেওচা দি কৰ্মস্থান আৰু জীমলৈ অহা-যোৱা অব্যাহত ৰাখিছিল।

সেই সময়ছোৱাত তেওঁৰ শৰীৰৰ তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছৰো উপৰত আছিল।

অভিযোগ অনুসৰি তেওঁ মুখত মাস্কো মৰা নাছিল আৰু কৰ্মস্থানত কাঁহিছিল।

তদুপৰি তেওঁৰ সহকৰ্মীসকলক জনাইছিল যে তেওঁ তেওঁলোকক ক’ভিডত আক্ৰান্ত কৰি পেলাব!

তাৰ পাছতে তেওঁৰ পাঁচোজনকৈ সহকৰ্মী আৰু একেলগে জীমলৈ যোৱা এজনকৈ লোকৰ শৰীৰত ক’ভিড প’জিটিভ ধৰা পৰে।

তদুপৰি ক’ভিড পজিটিভ ধৰা পৰা লোককেইজনৰ পৰিয়ালসমূহতো ভাইৰাছ বিয়পিব ধৰে।

যাৰ ফলশ্ৰুতিত ১৪জনকৈ লোক ক’ভিড পজিটিভ হয়।

ইয়াৰ ভিতৰত এটা এবছৰীয়া সন্তানো আছে।

শনিবাৰে স্পেনিছ আৰক্ষীয়ে দিয়া এক বিবৃত্তিত কয় যে অভিযুক্ত লোকজনে ৰোগৰ লক্ষণসমূহ বহুদিন ধৰি প্ৰদৰ্শন কৰি আছিল কিন্তু কোনো পদক্ষেপ লোৱা নাছিল।

তেওঁৰ সহকৰ্মীসকলে তেওঁক কৰ্মস্থানৰ পৰা বিৰতি লৈ ঘৰলৈ যাবলৈ কোৱা স্বত্বেও তেওঁ মনা নাছিল।

তাৰ বিপৰীতে তেওঁ কৈছিল যে সকলোকে তেওঁ কৰোণাত আক্ৰান্ত কৰিহে এৰিব!

যেতিয়া লোকজনক পৰীক্ষা কৰা হয়, ক’ভিড পজিটিভ ধৰা পৰে আৰু সহকৰ্মীসকল সজাগ হৈ পৰে।

অৱশ্যে সহকৰ্মীসকল গুৰুত্তৰভাৱে আক্ৰান্ত হোৱা নাই বুলি আৰক্ষীয়ে জনাইছে।