NORTHEAST NOW (Assamese)
Popular Stories

দেশবাসীক বিনামূল্যে ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ কেন্দ্ৰক দাবী জনালে ৰাহুল গান্ধীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 26, 2021 2:54 pm

কংগ্ৰেছ নে্তা ৰাহুল গান্ধীয়ে সোমবাৰে দেশৰ সকলো নাগৰিককে বিনামূলীয়াকৈ ক’ভিড ভেকচিনৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।

”ভাৰতক ‘বিজেপি চিষ্টেম’ৰ বলি হ’বলৈ নিদিব।”- তেওঁ কয়।

হিন্দীত লিখা এটা টুইটযোগে তেওঁ কয় যে চৰ্চা অনেক হ’ল, এতিয়া দেশবাসীয়ে বিনামূল্যে ভেকচিন লাভ কৰিব লাগে।

উল্লেখযোগ্য যে দিল্লী, মহাৰাষ্ট্ৰ, কৰ্ণাটক, হাৰিয়ানা, ঊৰিষ্যা, ঝাৰখণ্ড আৰু পশ্চিম বংগকে ধৰি কেইবাখনো ৰাজ্যত ইতিমধ্যে ক’ভিড ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছে