NORTHEAST NOW (Assamese)
অসম

শিক্ষকৰ মান কি উন্নত কৰিব? স্বয়ং কৰ্তৃপক্ষই বাৰেপাচি ভুল আৰু বিকৃত বানানেৰে ভৰা প্ৰশ্ন কাকতেৰে ল’লে শিক্ষকৰ পৰীক্ষা

Posted by: এন ই নাও নিউজ September 28, 2018 11:06 pm
Question Paper_4

National Institute of Open Schooling-অৰ অধীনত চলি থকা ৰাজ্যত কৰ্মৰত বুনিয়াদী শিক্ষকৰ মান নিৰূপক ডি এল এড পৰীক্ষাৰ প্ৰশ্ন কাকতত অসমীয়া ভাষাৰ শৰাধ পতাৰ লগতে পৰীক্ষাৰ নামত বহুৱালি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

আজি অনুষ্ঠিত গণিতৰ পৰীক্ষাৰ প্ৰশ্ন কাকতখনক লৈয়ো ইতিমধ্যে সৰ্বত্ৰে চৰ্চা হোৱা দেখা গৈছে। প্ৰশ্ন কাকতখনত বাৰেপাচি ভুল থকাৰ উপৰি বাংলা আৰু হিন্দী শব্দেৰে প্ৰশ্নবোৰৰ অসমীয়া ৰূপ ছপোৱা বুলি অভিযোগ আনিছে পৰীক্ষাৰ্থীসকলে।

উদাহৰণস্বৰূপে এটা প্ৰশ্ন এনেকুৱা : গণিতৰ বিষয়ে যি কোন দুটা উদাহৰণ দিয়া য’ত ছাত্ৰ সকলে সবতকৈ বেচী অসুবিধাৰ সামনা কৰে।

আন এটা প্ৰশ্নৰ এটা অংশ : ভাৰতীয় ক্ৰিকেট টিমৰ ১১জন খেলোয়াৰৰ বয়স নিচে দিয়া আছে।

এইবোৰৰ উপৰি গোটেই শব্দবোৰৰ বেছি সংখ্যকৰে বানান ভুল, বৰ্ণনাৰ অস্পষ্টতা।

লগতে পৰীক্ষাৰ্থীসকল কৰ্মৰত শিক্ষক যদিও প্ৰশ্ন কাকতত তুমি সম্বোধন কৰা হৈছে, যিটো দৃষ্টিকটু আৰু আমাৰ সমাজৰ সন্মানসূচক সম্বোধনৰ সৈতে খাপ নোখোৱা।

শিক্ষকৰ যোগ্যতা বৃদ্ধি কৰিব খোজা বা মান জুখিব খোজা কৰ্তৃপক্ষৰ এনেকুৱা গুণ-মানহীন কাণ্ডই সকলোকে ভবাই তুলিছে। প্ৰকৃততেই এইবোৰৰ জৰিয়তে শিক্ষকৰ গুণ-মানৰ আন্তৰিক প্ৰয়াস কৰা হৈছে নে আঁচনিৰ নামত অযথা ভেকো-ভাওনা কৰা হৈছে?