NORTHEAST NOW (Assamese)
Popular Stories

অক্সিজেন ক্ৰয়ৰ বাবে পিএম কেয়াৰছ ফাণ্ডলৈ ৫০,০০০ ডলাৰ আগবঢ়ালে এইজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 27, 2021 5:55 pm

কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ চলিত আইপিএল চিজনত অংশগ্ৰহণ কৰা অষ্ট্ৰেলিয়াৰ তাৰকা ফাষ্ট বলাৰ পেট কাম্মিনছে পিএম কেয়াৰছ ফাণ্ডলৈ (PM Cares) ৫০,০০০ ডলাৰ বৰঙণি আগবঢ়াইছে।

ভাৰতীয় মূল্যত ইয়াৰ পৰিমাণ ৩৭ লাখ।

ক’ভিডৰ স’তে যুঁজ দিবলৈ ভাৰতৰ চিকিৎসালয়সমূহত অক্সিজেন যোগান ধৰিবৰ বাবে তেওঁ এই বৰঙনি আগবঢ়াইছে।

ইয়াৰ দ্বাৰা তেওঁ চলিত বৰ্ষৰ আইপিএলৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে বিবেচিত হৈছে. যি ৰাজহুৱাভাৱে বৰঙনি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

টুইটাৰযোগে তেওঁ সতীৰ্থ ক্ৰিকেটাৰসকলকো বৰঙনি আগবঢ়াবলৈ অনুৰোধ কৰিছে।

টুইটটোত তেওঁ কয় যে উচ্চ হাৰত ক’ভিড-১৯ সংক্ৰমণৰ সময়ছোৱাত আইপিএল চলি থকাটো যুক্তিসংগত হয় নে নহয়, সেই বিষয়ে অনেক আলোচনা চলি আছে, সেয়ে ভাৰত চৰকাৰক মই উপদেশ যাচিছো যে ক’ভিডৰ দ্বিতীয় ঢৌৰ বাবে লকডাউনৰ সময়ছোৱাত অনেক লোক গৃহবন্দী হৈ আছে, সেয়ে আইপিএলৰ কেইঘণ্টামানৰ একোখন মেচে লোকসকলৰ মনোৰঞ্জনৰ কাম কৰিছে।

বৰঙনি প্ৰদান কৰাৰ বিষয়ে তেওঁ কয় যে এজন খেলুৱৈ হিচাপে  লাখ লাখ মানুহৰ কাষ চাপিবলৈ সুযোগ লাভ কৰি তেওঁ নিজকে সৌভাগ্যৱান হিচাপে বিবেচিত কৰে।

”এই কথা মনত ৰাখিয়েই প্ৰধানমন্ত্ৰীৰ কৰোণা ফাণ্ডত বৰঙনি দিছো, যাক অক্সিজেন সংগ্ৰহৰ কামত লগাব পৰা যাব।”- তেওঁ কয়।

তেওঁ কয় যে তেওঁ আগবঢ়োৱা বৰঙনি বৃহৎ পৰিমাণৰ নহ’ব পাৰে, কিন্তু আশা কৰে যে এই সামান্য বৰঙনিয়ে কাৰোবাৰ কামত আহিব।

উল্লেখযোগ্য যে কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ১৫ কোটি টকাৰ বিশাল চুক্তিত আইপিএলত অৱতীৰ্ণ হোৱা তাৰকাগৰাকী বৰ্তমান বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফাষ্ট বলাৰ।