NORTHEAST NOW (Assamese)
Popular Stories

অনলাইন ক্লাছত অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীক অশালীন গালি পাৰি চৰ্চাত এগৰাকী অধ্যাপিকা, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 27, 2021 5:26 pm

অনলাইন ক্লাছত ছাত্ৰ-ছাত্ৰীক অকথ্য গালিগালাজ কৰি চৰ্চালৈ আহিছে এগৰাকী অধ্যাপিকা।

সামাজিক মাধ্যমত সেই ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পাছতে অধ্যপিকাগৰাকীৰ ইস্তফাৰ দাবী উত্থাপন হৈছে।

খড়গপুৰ আইআইটিত সংঘটিত হৈছে ঘটনাটো।

দেওবাৰে ‘খড়গপুৰ আইআইটি কনফেশ্বনছ’ নামৰ ফেচবুক পেজটোত ভিডিঅ’টো পোষ্ট কৰা হয়।

ভিডিঅ’টোত শুনা গৈছে, অধ্যাপিকাগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ‘ব্লাডি বাষ্টাৰ্ডছ’ বুলি গালিগালাজ কৰিছে।

আনকি, ছাত্ৰ-ছাত্ৰীসকলক ক্লাছৰ পৰা বাহিৰ কৰি দিয়াৰ উপৰিও পৰীক্ষাত ফেইল কৰি দিয়াৰো ভাবুকি প্ৰদান কৰে তেওঁ।

তদুপৰি, অধ্যাপিকাগৰাকীয়ে দাবী কৰিছে যে এই সংক্ৰান্তত নাৰী আৰু শিশু কল্যাণ মন্ত্ৰালয় অখবা অনুসূচীত জাতি-জনজাতি, সংখ্যালঘু উন্নয়ন মন্ত্ৰালয়ত তেওঁৰ বিৰুদ্ধে অভিযোগ জনালেও কোনো লাভ নহ’ভ, কোনো প্ৰকাৰে তেওঁৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰে।

 

View this post on Instagram

 

A post shared by appsc (@appsc.iitb)

উল্লেখ্যযোগ্য যে অনলাইন ক্লাছটোত অনুসূচিত জাতি-জনজাতি আৰু বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ ইংৰাজীৰ প্ৰিপেৰেটৰী ক্লাছ চলি আছিল।

অধ্যাপিকাগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ‘ভাৰত মাতা কি জয়’ ধ্বনি দিয়াৰ বাবেও জোৰ কৰিছিল।

অভিযুক্ত অধ্যপিকাগৰাকীৰ নাম সীমা সিং।

তেওঁ আইআইটি খড়গপুৰৰ ‘হিউমেনিটি এণ্ড চছিয়েল চাইন্স’ৰ সহকাৰী অধ্যপিকা।

বৰ্তমানলৈকে অধ্যাপিকাগৰাকী অথবা আইআইটি খড়গপুৰ কৰ্তৃপক্ষই এই সংক্ৰান্তত কোনো মন্তব্য কৰা নাই।

আইআইটি বম্বেৰ এটা ছাত্ৰ সংগঠনৰ উপৰিও বহুকেইটা অনুসূচীত ছাত্ৰ সংগঠনে অধ্যাপিকাগৰাকীৰ বৰ্ণবাদী আৰু সংবিধানবিৰোধী মন্তব্যৰ বাবে ব্যৱস্থা ল’বলৈ কৰ্তৃপক্ষক দাবী জনাইছে।