NORTHEAST NOW (Assamese)
অসম

একেলেথাৰিয়ে কেইবাটাও শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক, গুৱাহাটীত আতংকিত হৈ এজনৰ মৃত্যু, চাওঁক ক্ষয়-ক্ষতিৰ আলোকচিত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 28, 2021 8:13 am
earthqu12-750x375

অসমৰ  বিভিন্ন স্থানক  আজি  পুৱা এক শক্তিশালী  ভূমিকম্পই জোকাৰি যায়। আজি পুৱা  ৭.৫১ মিনিট ২৫ ছেকেণ্ডত  অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি।

একেলেথাৰিয়ে দুটাকৈ ভূমিকম্পৰ জোকাৰণিয়ে ৰাজ্যবাসীৰ মনত ত্ৰাসৰ সৃষ্টি কৰে।

pall

ভূমিকম্পত   ৰাজ্যৰ বিভিন্ন স্থানত বিস্তৰ ক্ষয়-ক্ষতি হোৱাৰ বাতৰি আহিছে। বিশ্বনাথকে ধৰি বিভিন্ন স্থানত বহু ঘৰৰ দেৱাত ফাঁট মেলিছে। গুৱাহাটীত বহু অট্টালিকাত ফাঁট মেলা দেখা গৈছে। ভূমিকম্পটোৰ জোকাৰণিৰ প্ৰাৱল্যলৈ চাই ক্ষয়-ক্ষতিৰ পৰিমাণ বহু বেছি হোৱাৰ আশংকা কৰা হৈছে।

ঢেকিয়াজুলীৰ শিংৰী চাহবাগিচাৰ লগতে নাৰায়ণপুৰ অঞ্চলত মাটি ফাঁটি ঘোলা পানী ওলাই অহা পৰিলক্ষিত হৈছে।দৰঙৰ চকীয়াপাৰাত ঘৰৰ বেৰ ভাঙি উমাকান্ত ডেকা নামৰ ৭০ বছৰীয়া এগৰাকী বৃদ্ধ গুৰুতৰ ভাবে আহত হৈছে।   গুৱাহাটীৰ এপল’ হাস্পতাল, এক্সেল কেয়াৰ হাস্পতাল,তাজ ভিভান্তা আদিত ফাঁট মেলিছে।

এতিয়ালৈকে কোনো স্থানৰ পৰা কোনো লোকৰ মৃত্যু ঘটাৰ বাতৰি অহা নাই।

ভূমিকম্পৰ প্ৰাৱল্যৰ  ৬.৭ ৰিখটাৰ স্কেল বুলি জানিব পৰা হোৱা নাই। অসমৰ লগতে পশ্চিমবংগৰ বিভিন্ন স্থানতো ভূমিকম্পৰ জোকাৰণি অনূভূত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে টেলিফোনত  যোগাযোগ কৰি পৰিস্থিতিৰ বুজ লৈছে।

আনহাতে আজি  অনুভূত হোৱা এই  ভূমিকম্পৰ উৎপত্তিস্থল তেজপুৰৰ পৰা  ৩৮ কিলোমিটাৰ উত্তৰ-পশ্চিমে ঢেকিয়াজুলিৰ ভূগৰ্ভৰ ১০ কিলোমিটাৰ অভ্যন্তৰত বুলি   জানিব পৰা গৈছে।

palllklll;

আনহাতে  পুৱা ৮.০৩ বজাতো আন এক ভূমিকম্পৰ জোকাৰণি অনুভূত  হয়।গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলতো অনুভূত হৈছে ভূমিকম্পৰ জোকাৰণি। বিভিন্ন ঠাইৰ পৰা বহু বাসভৱনত ফাঁট মেলাৰ বাতৰি আহি আছে। অধিক খবৰৰ বাবে অপেক্ষা কৰা হৈছে।

ris
গুৱাহাটীত ভূমিকম্পই কৰা ক্ষতি

বহু ঠাইত অট্টালিকাৰ অংশ ভাগি পৰা খবৰ আহিছে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ১০৭০,১০৭৭ আৰু ১০৭৯ ট’লফ্ৰী মন্বৰ মুকলি কৰিছে। ইপিনে ভূমিকম্পৰ সময়ত  গুৱাহাটীৰ চন্দ্ৰপুৰত প্ৰসন্ন কলিতা নামৰ ৭০ বছৰীয়া লোক জন অত্যধিক আতংকিত হৈ পৰে আৰু  হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু ঘটে।

E0B1ajZVEAErAKJ
গুৱাহাটীত ভাগি পৰিছে এখন দেৱাল

 

kpkp3

dd1
বিশ্বনাথৰ বহু ঘৰত মেলিল ফাঁট
bkk
তেজপুৰত হোৱা ক্ষতি
mm
তেজপুৰৰ মিছামাৰীত এনেদৰে ফাঁট মেলিলে মাটি