NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত তিনি সাংসদ; ৰিটাৰ্নিং বিষয়া অমৰেন্দ্ৰ নাৰায়ণ ডেকাৰ ঘোষণা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা March 18, 2020 9:29 pm
index.jpg111.jpg1

অসমৰ পৰা ৰাজ্য সভাত খালী  হোৱা তিনিখন আসনৰ বাবে অনুষ্ঠিতব্য নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হয়।

আজি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰৰ পত্যাহাৰৰ দিন আছিল যদিও এজনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নকৰিলে।

তিনিওখন আসনৰ বাবে মাত্ৰ এজনকৈ প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বাবে আটাইকেইজন প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে।

ৰিটাৰ্নিং বিষয়া অনৰেন্দ্ৰ নায়াৰণ ডেকাই তিনিওখন আসনৰ নিৰ্বাচিত সাংসদসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

শানসাধিষ্ঠিত বিজেপি অগপ আৰু বি পি এফ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বিজেপিৰ ভুৱনেশ্বৰ কলিতা আৰু বি পি এফৰ বিশ্বজিৎ দৈমাৰী নিৰ্বাচিত হোৱাৰ বিপৰীতে তৃতীয়খন আসনৰ বাবে বিৰোধীৰ কংগ্ৰেছ-এআইয়ুডিএফৰ সমৰ্থিত প্ৰাৰ্থী জ্যেষ্ঠ সাংবাদিক অজিত  কুমাৰ ভূঞা নিৰ্বাচিত হৈছে।

ৰিটাৰ্নিং বিষয়া অমৰেন্দ্ৰ নাৰায়ণ ডেকাই আজি অসম বিধান সভাৰ কক্ষত তিনিও গৰাকী  নৱ নিৰ্বাচিত সাংসদকে বিজয়ী প্ৰমাণ পত্ৰ প্ৰদান কৰে।