NORTHEAST NOW (Assamese)
Popular Stories

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্য সভালৈ মনোনয়নৰ বিৰোধিতা চি পি আইৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 19, 2020 6:36 am
Capture

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাজ্য সভালৈ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰাত ক্ষুব্ধ হৈ পৰিছে ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চি পি আই)।

দলটোৱে মুখ্য ন্যায়াধীশৰ অৱসৰ পিছৰ সুফল লাভৰ ব্যৱস্থা বন্ধ কৰিবলৈও দাবী জনাইছে।

উল্লেখ্য যে প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ৰাষ্ট্ৰপতিয়ে ৰাজ্য সভাৰ সদস্যৰূপে মনোনীত কৰাৰ পিছত সমগ্ৰ দেশতে বিতৰ্কই গা কৰি উঠিছে।

বিৰোধী দলবোৰে এই মনোনয়নৰ পিছত ‘প’ষ্ট ৰিটায়াৰমেন্ট বেনিফিটছ’ৰ বিৰুদ্ধে সাংবিধানিক ব্যৱস্থা লোৱাৰো দাবী উত্থাপন কৰিছে।

‘এই মনোনীতকৰণে ৰাজনৈতিক পাৰ্টি আৰু ন্যায়পালিকাৰ মাজত থকা নেক্সাছৰ কথাই উদঙাই দিছে।’ এইদৰে কয় চি পি আইৰ সাধাৰণ সম্পাদক ডি ৰাজাই।

গগৈক মনোনীতকৰণে অৱসৰ লোৱাৰ পূৰ্বে বহুকেইটা গোচৰৰ ৰায়দানৰ গগৈয়ে লোৱা সিদ্ধান্তৰ ক্ষেত্ৰত অনেক প্ৰশ্নৰ উদ্ৰেক কৰিছে’ বুলিও তেওঁ মত প্ৰকাশ কৰিছে।

এই ধৰণ মনোনীতকৰণে গণতন্ত্ৰক ক্ষতি কৰে বুলিও উল্লেখ কৰে তেওঁ।