NORTHEAST NOW (Assamese)
দেশ

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 24, 2023 9:17 pm

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৯খন নতুন বন্দে ভাৰত এক্সপ্ৰেছ উদ্বোধন কৰে। এই ৰে’লসমূহে ১১খন ৰাজ্যৰ কেইবাটাও ধৰ্মীয় আৰু পৰ্যটনস্থলী সংযোগ কৰিব।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই ৰে’লখন উদ্বোধন কৰাৰ পাছত মোদীয়ে কয় যে যোৱা কেইমাহমানৰ ভিতৰত ২৫খন বন্দে ভাৰত ৰে’ল উদ্বোধন কৰা হৈছে।

এই ৯ খন ৰেল ৰাজস্থান, তামিলনাডু, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, বিহাৰ, পশ্চিম বংগ, কেৰালা, ওড়িশা, ঝাৰখণ্ড আৰু গুজৰাটৰ মাজেৰে চলিব। তেওঁ লগতে দাবী কৰে যে এই উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে বন্দে ভাৰত ৰেলৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। 

প্ৰধানমন্ত্ৰীয়ে কয়, ‘ভাৰতীয় ৰে’লৱেই হৈছে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকৰ পৰিবহণৰ আটাইতকৈ ডাঙৰ আশা। ভাৰতীয় ৰে’লৱেত এদিনত যাত্ৰা কৰা লোকৰ সংখ্যা বহু দেশৰ জনসংখ্যাতকৈ বেছি।” 

ইয়াৰ পিছত মোদীয়ে আক্ষেপ প্ৰকাশ কৰে যে পূৰ্বতে ভাৰতীয় ৰে’লৱেৰ উন্নয়নৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল। এই প্ৰসংগত মোদীয়ে কয় যে ভাৰতীয় ৰে’লৱেৰ আধুনিকীকৰণৰ ক্ষেত্ৰত পূৰ্বতে বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল। কিন্তু আমাৰ চৰকাৰ সদায় ভাৰতীয় ৰেলৱেৰ উন্নতিৰ বাবে দায়বদ্ধ।