NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত ভয়ংকৰ দুৰ্ঘটনা : চালকে মদ্যপান কৰি গাড়ী চলোৱাৰ সন্দেহ ৰাইজৰ

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা May 12, 2021 6:47 am
koliabor

কলিয়াবৰৰ বৰালিগাওঁৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ঙ্কৰ পথ দুৰ্ঘটনা ।

দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতে উক্ত ভয়াবহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটো ইমানেই ভয়ঙ্কৰ আছিল যে বহু সময় ধৰি এ পি ৩৯ এক্স ৫৩৬৯ নম্বৰৰ ট্ৰাকৰ চালকজন গাড়ীৰ ভিতৰতে আবদ্ধ হৈ আছিল।

অৱশ্যে এখন জেচিবিনৰ সহায়ত মিছা আৰক্ষী চকী, কলিয়াবৰ আৰক্ষী থানাৰ বিষয়া কৰ্মীসকলে বৰালিগাঁৱৰ স্থানীয় লোকৰ সহায়ত আৱদ্ধ হৈ থকা চালকজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এপি ৩৯ এক্স ৫৩৬৯ নম্বৰৰ ট্ৰাকখনৰ ভিতৰত কেইবাটাও সুৰাৰ কাৰ্টুন উদ্ধাৰ হোৱালৈ লক্ষ্য কৰি চালকজনে মদ্যপান কৰি গাড়ী চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাক দুখনৰ নম্বৰ ক্ৰমে এ পি ৩৯ এক্স ৫৩৬৯ আৰু এছ ০১ এল চি ৯৯৩৮ ।

আনহাতে দুয়োখন গাড়ীৰে আহত চালক হেণ্ডিমেনক ১০৮ সেৱাৰ জৰিয়তে আৰক্ষী আৰু স্থানীয় ৰাইজে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে জখলাবন্ধাৰ পৰা তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।