NORTHEAST NOW (Assamese)
অসম

ৰঙালীৰ আনন্দ-উল্লাসৰ মাজতে গোলাঘাটত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন April 15, 2021 5:12 pm
Covid-test-image

যোৱাটো বৰ্ষত সমগ্ৰ ৰাজ্যত ক’ভিডে ম্লান পেলাইছিল অসমীয়াৰ প্ৰাণ ৰঙালী বিহুটি।

কিন্তু এইবাৰ বিহু উদযাপনত পিছ পৰি ৰোৱা বৃহৎ অসমীয়া জাতি।

বৰ্তমানলৈকে  ক’ভিডৰ দ্বিতীয় ঢৌৱে অসমত বিশেষ প্ৰভাৱ পেলোৱা নাই যদিও গোলাঘাটত কিন্তু দৈনিক বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি কালিলৈকে গোলাঘাট জিলাত মুঠ ৫৫ জন ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে।

কালিৰ দিনটোত বোকাখাতৰ ১ জন, দেৰগাঁৱৰ ১ জন, এন আৰ এলৰ ১ জন আৰু মিছামৰাৰ ১ জন ক’ভিড আক্ৰান্ত পোৱা গৈছে।অৱশ্যে ইয়াৰ দুজন কলকতাৰ পৰা অহা বুলি জানিবলৈ দিয়ে।

সৰ্বমুঠ ৫৫ জন ক’ভিড ৰোগীৰ ভিতৰত  ১৫ জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ৪০ জনক নিজ গৃহতে আইছলেশ্যনত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

ইফালে চিকিৎসাধীন হৈ থকা ১৫ জনৰ ৮ জনক যোৰহাট মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰাৰ উপৰিও ৭ জনক গোলাঘাট ক’ভিড হাস্পাতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

এনে পৰিস্থিতিত বিহুৰ আনন্দ উৎসৱৰ মাজত মৰ্জি থকা গোলাঘাটবাসীয়ে যদি ক’ভিড -১৯ ৰ নীতি- নিৰ্দেশনা পালন নকৰি সহজভাৱে লয় তেন্তে অনাগত দিনত দুৰ্ভোগ ভুগিবলগীয়া হ’ব যে সেইটো খাটাং।