NORTHEAST NOW (Assamese)
Popular Stories

এতিয়া ভাৰতত মহিলা মুখ্য ন্যায়াধীশে দায়িত্ব লোৱাৰ সময় আহিছে : কোনে ক’লে এই কথা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 15, 2021 5:56 pm
SC stresses on online classes for children in shelter homes

ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে মহিলা ন্যায়াধীশক চাব খোজে ভাৰতৰ মুখ্য ন্যায়াধীশ এছ এ বুবদে-এ।

মুখ্য ন্যায়াধীশগৰাকীৰ মতে মহিলাই ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ সময় এতিয়া সমাগত।

“মহিলাৰ প্ৰতি আমাৰ সন্মান আৰু আগ্ৰহ আছে। আমি ইয়াক সৰ্বশ্ৰেষ্ঠভাৱে ৰূপায়ণ কৰি আছো। এই ক্ষেত্ৰত আমাৰ কোনো মনোভাৱ পৰিৱৰ্তন হোৱা নাই। একমাত্ৰ কথাটো হ’ল যে আমি ভাল প্ৰাৰ্থী পাব লাগিব।” বৃহস্পতিবাৰে দেশত মহিলা মুখ্য ন্যায়াধীশ নিযুক্তিৰ সম্পৰ্কত মুখ্য ন্যায়াধীশ বুবদে-এ কয়।

উল্লেখ্য যে উচ্চ ন্যায়ালয়ত এগৰাকী ন্যায়াধী ন্যায়াধীশ নিযুক্তিৰ শুনানিৰ সময়ত এই প্ৰসংগটো উত্থাপন হৈছিল।

মহিলা উকীল সন্থাক প্ৰতিনিধিত্ব কৰি অধিবক্তা স্নেহা খালিতা আৰু শোভা গুপ্তাই যুক্তি দিছিল যে মাত্ৰ ১১ শতাংশ মহিলা দেশ ন্যায়পালিকাত আছে আৰু অধিক মহিলাক ন্যায়াধীশ হিচাপে নিযুক্তি দিব লাগে।

তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ নেতৃত্ব দি মুখ্য ন্যায়াধীশ বুবদে কয়, “উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কৈছে যে বহুতো মহিলাক ন্যায়াধীশ হিচাপে আহিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। কিন্তু তেওঁলোকে দ্বাদশ শ্ৰেণীকে ধৰি কলেজ আদিত অধ্যয়ন কৰি থকা সন্তানসকলৰ ঘৰুৱা দায়ৱদ্ধতাৰ কথা উল্লেখ কৰি এই আমন্ত্ৰণ অস্বীকাৰ কৰি আহিছে। আৰু এই বিষয়ে উচ্চ ন্যায়ালয়সমূহৰ মুখ্য ন্যায়াধীশে মোক জনাইছে। এইবোৰ কথা আমি আলোচনা কৰিব নোৱাৰো।”

পৰিসংখ্যাৰ অনুসৰি বৰ্তমান দেশৰ ২৫ খন উচ্চ ন্যায়ালয়ৰ ৬৬১ গৰাকী ন্যায়াধীশৰ ভিতৰত মাত্ৰ ৭৩ গৰাকীহে মহিলা ন্যায়াধীশ আছে।