NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱৰ ভাণ্ডাৰাত বৃহৎ পৰিমাণৰ অবৈধ শাল কাঠ জব্দ বন বিভাগৰ

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী April 28, 2021 4:43 pm
IMG-20210428-WA0054

কৰোনাতংকৰ মাজতে ৰাজ্যৰ বিভিন্ন ঠাইত অব্যাহত আছে অবৈধ কাঠৰ সৰবৰাহ।

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰাত বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ ফাণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।

এক গোপন সূত্ৰৰ পমখেদি মাণিকপুৰ আই ভেলী বন ডিভিজনৰ বন সুৰক্ষা কৰ্মীসকলে ভাণ্ডাৰা হাইস্কুল খেলপথাৰত পৰিত্যক্ত অৱস্থাত থকা বৃহৎ পৰিমাণৰ শাল কাঠৰ ফাণ্ডা জব্দ কৰে।

কাঠসমূহ মাণিকপুৰ বন বিভাগৰ কাৰ্যালয়তে ৰখা হৈছে। কাঠখিনিৰ বজাৰ মূল্য প্ৰায় দুই লাখ টকা হ’ব বুলি ধাৰণা কৰা হৈছে।

মন কৰিবলগীয়া কথা হ’ল যে দেশত অক্সিজেনৰ অভাৱত মৃত্যু মুখত পৰিছে বহুজন।

কিন্তু তাৰ পাছতো কিয় গছ গছনি কাটি তহিলং কৰিবলৈ কুণ্ঠাবোধ কৰা নাই একাংশ অসাধু চক্ৰই।

ইয়াৰ বিৰুদ্ধে কিমান কঠোৰ হ’ব চৰকাৰ তথা বন বিভাগ সেয়া সময়ত দেখা যাব।