NORTHEAST NOW (Assamese)
অসম

অসম চিকিৎসা মহাবিদ্যালয়ত দুটা অক্সিজেন উৎপাদন প্ৰকল্প উদ্বোধন

Posted by: অভীক চক্ৰৱৰ্তী Updated by: অভীক চক্ৰৱৰ্তী April 29, 2021 8:18 am
Oxygen-plants-750x375

কৰোনাৰ আতংকময় দ্বিতীয় ঢৌৱে দেশত মেডিকেল অক্সিজেনৰ নাটনি কৰাৰ সনয়তে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত দুটা অক্সিজেন উৎপাদন প্ৰকল্প উদ্বোধন কৰা হৈছে।

বুধবাৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক তথা অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে দুয়োটা অক্সিজেন উৎপাদন প্ৰকল্পকে উদ্বোধন কৰে।

দুয়োটা নতুন অক্সিজেন উৎপাদন প্ৰকল্পই দৈনিক ২০০ টা বৃহৎ অক্সিজেন চিলিণ্ডাৰ ভৰ্তি হোৱাকৈ অক্সিজেন উৎপাদন কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ কাকতিয়ে।

“এটা কেন্দ্ৰই ১০০ টা ডাঙৰ অক্সিজেন চিলিণ্ডাৰ ভৰ্তি হোৱাকৈ অক্সিজেন উৎপাদন কৰিব। অসম চিকিৎসা মহাবিদ্যালয়ত দৈনিক ১২০ৰ পৰা ১৪০ টা অক্সিজেনৰ চিলিণ্ডাৰ প্ৰয়োজন হয় আৰু এতিয়াৰ পৰা পাইপৰ দ্বাৰা পোনপটীয়াকৈ উৎপাদন কেন্দ্ৰৰ পৰা ৰোগীক অক্সিজেন যোগান ধৰিব পৰা যাব।” অধীক্ষক ডাঃ কাকতিয়ে সংবাদ মাধ্যমৰ আগত কয়।

অধীক্ষক ডাঃ কাকতিয়ে লগতে কয় যে চিকিৎসা মহাবিদ্যালয়খনৰ দৈনিক চাহিদা অনুসৰি এতিয়াৰে পৰা অতিৰিক্ত ৬০-৭০ টা অক্সিজেনৰ চিলিণ্ডাৰ সংৰক্ষণ কৰিব পৰা যাব।

“আমি AMCHত আন এটা অক্সিজেন প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰি আছো। যদি আমি AMCHত আৰু এটা প্ৰকল্প স্থাপন কৰিব পাৰোঁ তেন্তে জিলাখনত অক্সিজেনৰ কোনো অভাৱ নহ’ব আৰু প্ৰয়োজন হ’লে আমি আন জিলাৰ চাহিদাও পূৰণ কৰিব পাৰিম।” ডাঃ কাকতিয়ে লগতে কয়।

উল্লেখ্য যে ২০২০ চনৰ অক্টোবৰ মাহত চিকিৎসা মহাবিদ্যালয়খনত কেন্দ্ৰীয় চৰকাৰৰ অনুদানেৰে আৰু অসম চৰকাৰৰ তত্বাৱধানত অক্সিজেন প্ৰকল্পৰ নিৰ্মাণ আৰম্ভ কৰা হৈছিল।