NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰে সংঘৰ্ষত মৃত্যু আলফা(স্বা)ৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ চীফ দ্বীপেন সাউদৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2021 9:23 am
assam-police.-960x540-1-750x375

আলফা(স্বা)ত পুনৰ মোক্ষম আঘাত। আৰক্ষীৰে হোৱা সংঘৰ্ষত মৃত্যু হৈছে সংগঠনটোৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ চীফ দ্বীপন সাউদৰ।

গোপন সূত্ৰৰ পম খেদি বঙাইগাঁও আৰক্ষীয়ে এক অভিযান চলাই আলফা(স্বা)ৰ নেতাগৰাকীক গুলীয়াই হত্যা কৰাৰ লগতে পদুম ৰায় নামৰ তেওঁৰ দেহৰক্ষী তথা আলফা(স্বা)ৰ কেডাৰ গৰাকীক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি অপহৰণ আৰু কুটাঘাটৰ পৰিকল্পনাৰে বঙাইগাঁৱৰ মাণিকপুৰৰ বেছিমাৰীত আত্মগোপন কৰি আছিল আলফা(স্বা)ৰ নেতাগৰাকী।

নিশা আৰক্ষীয়ে অভিযান চলাই আলফা(স্বা)ৰ নেতাগৰাকীক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছিল যদিও আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰাত আৰক্ষীয়ে ইয়াৰ প্ৰত্যুত্তৰত গুলীচালনা কৰে।

দুয়োপক্ষৰ গুলীয়াগুলীৰ ফলত এক সংঘৰ্ষৰ সৃষ্টি হয় আৰু আৰক্ষীৰ গুলীত আলফা(স্বা)ৰ নেতাগৰাকীৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

আনহাতে দ্বীপেন সাউদৰ দেহৰক্ষী পদুম ৰায়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে সংৰ্ঘষ স্থলীৰ পৰা দুটা পিষ্টলসহ, গ্ৰেণেড আৰু কিছু গুলী উদ্ধাৰ কৰা বুলি জানিবলৈ দিছে।

উল্লেখ্য যে সৰভোগৰ দুৰামাৰিৰ গাঁৱৰ সেই সময়ৰ অতি অমায়িক যুৱক দ্বীপেন সাউদে নব্বৈ দশকৰ প্ৰথমভাগতে আলফাত যোগদান কৰিছিল। দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণৰ পিছতে দ্বীপেন সাউদক আলফা(স্বা)ৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ চীফ হিচাপে নিযুক্তি দিয়া হৈছিল।

“আলফা(স্বা)ৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ দৃষ্টি ৰাজখোৱাৰ স্থানত স্থলাভিষিক্ত কৰ্ণেল দ্বীপেন সাউদৰ আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হৈছে।” অসম আৰক্ষী  সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয়।