NORTHEAST NOW (Assamese)
অসম

ভয়ংকৰ ৰূপ লৈছে কৰোনাই! : বুধবাৰৰ দিনটোত ২২ গৰাকী আক্ৰান্তৰ মৃত্যু ৰাজ্যত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2021 9:54 am
Covid19..-750x375

ৰাজ্যত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

বুধবাৰে ৰাজ্যত ২২ গৰাকীৰো অধিক কৰোনাক্ৰান্তৰ মৃত্যু হৈছে আৰু ৰাজ্যখনত দ্বিতীয় ঢৌৰ কৰোনাত এটা দিনত সৰ্বাধিক সংখ্যক মৃত্যু হৈছে কালিৰ দিনটোত।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে টুইটাৰত প্ৰকাশ কৰা অনুসৰি ২২ গৰাকী কোভিড১৯ত আক্ৰান্ত লোকৰ মৃত্যু হৈছে। আৰু ইয়াৰ লগে লগে মৃত্যু হোৱা লোকৰ সংখ্যা ১,২৫৫ গৰাকীলৈ বৃদ্ধি হৈছে।

আনহাতে বুধবাৰে দিনটোত ৰাজ্যখনত ৩,০৪৫ গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত ৫৫,৪৮০ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।

 

অসমত বুধবাৰে কোভিড পজিটিভ টেষ্ট ৫.৪৯%  বুলিও প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কালিৰ দিনটোত অসমত আৰোগ্য হাৰ হৈছে ৯০.৭৭% ।

বুধবাৰৰ দিনটোত কেৱল কামৰূপ মহানগৰৰ জিলাত ১,২০৬ গৰাকী লোক কোভিড১৯ত আক্ৰান্ত হৈছে।

উল্লেখ্য যে যোৱা মংগলবাৰে ৰাজ্যখনত ১৮ গৰাকী কৰোনাক্ৰান্তৰ মৃত্যু হৈছিল।