NORTHEAST NOW (Assamese)
অসম

ৰিপুন বৰাৰ Exit Poll : ৭২-৭৫ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব কংগ্ৰেছ মহাজোঁটে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 30, 2021 4:18 pm
ripun123

কালি বহুকেইটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ’ব বুলি দিয়া একজিট প’ল কোনো প্ৰকাৰে মানি নলয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

ৰিপুন বৰাই আনকি ND TV য়ে মহাজোঁটক ৮৬ খন আসন দিয়া একজিট প’লো মানি লোৱা নাই বুলি সদৰী কৰি  কয় ‘ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ একজিট প’লৰ কোনো ভিত্তি নাই। তেওঁলোকে মুম্বাইৰ কাৰ্য্যালয়ত বহি ফোনৰে কাৰোবাৰ মত লৈ এই একজিট প’ল দিছে, যিটো আমি কোনোপধ্যে মানি ল’ব পৰা নাই।‘

ৰাইজক অহা ২ মে’লৈ অপেক্ষা কৰিবলৈ আহ্বান জনাই ৰিপুন বৰাই কয় ‘কংগ্ৰেছ কৰ্মী আৰু এজেন্টসকলৰ মনোবল ভাঙিবৰ কাৰণে এই একজিট প’ল দিছে বহুকেইটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমে। কাউন্টিং বিষয়াৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবৰ বাবে এনেধৰণৰ মেনিপুলেটেড একজিট প’ল দিয়া হৈছে।‘

ইপিনে, ৰিপুন বৰাই দাবী কৰি কয় ‘কংগ্ৰেছ মহাজোঁটে ৭২-৭৫ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব। তাতকৈ বেছিও হ’ব পাৰে। একজিট প’লৰ ওপৰত কংগ্ৰেছৰ  বিশ্বাস নাই। তেওঁলোকে ক’ৰবাত ১০ হাজাৰ আৰু ক’ৰবাত ১৫ হাজাৰ মানুহৰ মত লৈ এই একজিট প’ল দিছে। গতিকে এই ১০-১৫ হাজাৰ মানুহৰ মত ডেৰ কোটি মানুহৰ মত হ’ব নোৱাৰে। এই একজিট প’ল সত্য আৰু বিজ্ঞানসন্মত ৰূপত প্ৰতিষ্ঠিত নহয়।‘