NORTHEAST NOW (Assamese)
অসম

স্বাস্থ্য বিভাগৰ আজৱ কাণ্ড! ক’ভিড ৰোগী চাইকেল মাৰি পালেগৈ ঘৰ; মাটিয়াত প্ৰতিক্ৰিয়া

Posted by: নীলমনি শর্মা Updated by: নীলমনি শর্মা May 1, 2021 7:49 am
Screenshot_2021-05-01-07-29-37-527_com.mxtech.videoplayer.ad

গোৱালপাৰা জিলাৰ মাটিয়াত ক’ভিড আক্ৰান্ত ৰোগীকলৈ চৰম হেমাহি স্বাস্থ্য বিভাগৰ ৷ এম্বুলেন্স অবিহনে ক’ভিড আক্ৰান্ত ৰোগীক চাইকেলেৰে পঠাই দিয়া হ’ল ঘৰলৈ। এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ আতংক আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সমগ্ৰ দেশৰ লগতে ৰাজ্যত ক’ভিভ-১৯ৰ দ্বিতীয় লহৰে সংহাৰী ৰূপ লোৱাৰ মাজতে গোৱালপাৰা জিলাৰ মাটিয়াত ক’ভিড আক্ৰান্ত ৰোগীক লৈ চৰম হেতালি খেলিছে স্বাস্থ্য বিভাগৰ ৷

মাটিয়া আদৰ্শ স্বাস্থ্যকেন্দ্ৰৰ পৰা এগৰাকী ষাঠি উৰ্ধৰ ক’ভিড পজিটিভ ৰোগীক এম্বুলেন্স অবিহনে চাইকেলেৰে পঠিয়াই দিয়া হ’ল ঘৰলৈ ৷

উল্লেখ্য যে, আজি মাটিয়া মজকুৰি গাঁৱৰ প্ৰভাত কলিতা নামৰ এগৰাকী ব্যক্তিয়ে সামান্য গা বেয়া হৈ থকাত চিকিৎসাৰ বাবে মাটিয়া আদৰ্শ স্বাস্থ্য কেন্দ্ৰলৈ চাইকেলেৰে আহিছিল ৷

চিকিৎসালয়খনত ৰেপিড এন্টিজেনট টেষ্টত পজিটিভ পোৱা যায় ব্যক্তি গৰাকীৰ ৷

পৰৱৰ্তী পৰ্যায়ত কোনো বিশেষ লক্ষণ নথকা ক’ভিড ৰোগী গৰাকীক হোম আইছ’লেশ্যনত ৰখাৰ সিদ্ধান্ত লৈ ঘৰলৈ যাব দিয়ে ৷

কিন্তু আশ্বৰ্য্যজনক কথাটো হ’ল ষাঠি উৰ্ধৰ ক’ভিড ৰোগী গৰাকীক এম্বুলেন্সৰ পৰিৱৰ্তে তেওঁ চলাই যোৱা চাইকেল খনৰে ঘৰলৈ যাবলৈ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই।

এনেদৰে অসুৰক্ষিত অৱস্থাত এগৰাকী ষাঠি উৰ্ধৰ ক’ভিড ৰোগীক ঘৰলৈ পঠিয়াই দিয়াত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

আনহাতে, বৰ্তমানো ব্যক্তিগৰাকীৰ ঘৰত স্বাস্থ্য বিভাগৰ কোনো লোক উপস্থিত হৈ ক’ভিড নিৰ্দেশনা দিয়া নাই বুলি জনাইছে স্থানীয় লোকে ৷ ইয়াৰ লগতে বৰ্তমানলৈ পৰিয়ালৰ কোনো লোকক ক’ভিড পৰীক্ষা নকৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷