NORTHEAST NOW (Assamese)
Popular Stories

যথেষ্টখিনি কৰিলো! বংগত সফল হোৱাৰ পাছতে নিৰ্বাচনী কৌশলবিদ প্ৰশান্ত কিশোৰৰ অৱসৰৰ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 2, 2021 6:09 pm

পশ্চিম বংগত বিজেপিক প্ৰতিহত কৰি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে তৃতীয়বাৰৰ বাবে শাসনভাৰ হাতত লোৱাৰ পাছতে দলটোৰ নিৰ্বাচনী কৌশলবিদ প্ৰশান্ত কিশোৰে ঘোষণা কৰে যে তেওঁ নিৰ্বাচনী ব্যৱস্থাপনাৰ (election management) পৰা অৱসৰগ্ৰহণ কৰিছে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমসূহৰ আগত তেওঁ কয় যে অৱসৰৰ কথা তেওঁ বহু পূৰ্বৰে পৰা গুণা-গথা কৰি আছিল আৰু ইয়াৰ বাবে এটা সুযোগ বিচাৰি আছিল।

এইক্ষেত্ৰত তেওঁক বংগৰ নিৰ্বাচনে এই সুবিধা প্ৰদান কৰে বুলি মন্তব্য কৰে।

পূৰ্বেও তেওঁ কৈছিল যে যদি বংগত বিজেপিয়ে ১০০খনতকৈ অধিক আসন লাভ কৰে, তেনেহ’লে তেওঁ নিৰ্বাচনী ব্যৱস্থাপনাৰ পৰা আঁতৰ হ’ব।

”মই যথেষ্টখিনি কৰিলো। এতিয়া সময় হৈছে কিছু আহৰি লোৱাৰ আৰু জীৱনত আন কিবা কৰিব পাৰি নেকি তাক লক্ষ্য কৰাৰ।”- তেওঁ কয়।

এন ডি টিভিৰ আগত তেওঁ পাতল সুৰত কয় যে তেওঁ অসমত থকা নিজৰ পৰিয়াললৈ উভটি যাব আৰু চাহ বাগান খুলিব।

বংগৰ নিৰ্বাচন সম্পৰ্কত সংবাদ মাধ্যমটোৰ আগত তেওঁ কয় যে যদিও ফলাফলত একপক্ষীয়ভাৱে তৃণমূল কংগ্ৰেছ বিজয়ী হৈছে, দৰাচলতে এই নিৰ্বাচন সহজ নাছিল।

তেওঁ কয় যে নিৰ্বাচনী আয়োগে সম্পূৰ্ণভাৱে পক্ষপাতমূলক আচৰণ কৰিছিল।

কিন্তু তৃণমূল কংগ্ৰেছৰ ওপৰত তেওঁৰ আস্থা আছিল বুলি তেওঁ কয়।

”মোদীৰ জনপ্ৰিয়তাই এই কথা নুবুজায় যে বিজেপিয়ে সকলো নিৰ্বাচনতে বিজয়লাভ কৰিব।”- তেওঁ কয়।

এই নিৰ্বাচনত ধৰ্মীয় মেৰুকৰণেও ব্যাপক প্ৰভাৱ পেলাইছিল বুলি তেওঁ মন্তব্য কৰে।

”মোৰ ছয়-সাত বছৰীয়া নিৰ্বাচনী কৌশলবিদৰ কেৰিয়াৰত, মই কোনো ৰাজ্যতে কেতিয়াও এনেধৰণৰ ধৰ্মীয় মেৰুকৰণ দেখা পোৱা নাছিলো।”- তেওঁ কয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে নিৰ্বাচনী কৌশলবিদজনে ২০১৪ চনত নৰেন্দ্ৰ মোডীক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে বিজয়ী কৰোৱাত মুখ্য ভূমিকা লৈছিল।

তেওঁৰ নেতৃত্বতে বিজেপিৰ প্ৰচাৰকাৰ্য চলিছিল আৰু বিজেপিৰ জয়লাভে প্ৰশান্ত কিশোৰক এজন চৰ্চিত ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিলে।

২০১৫ চনতো বিহাৰ নিৰ্বাচনত নীতিশ কুমাৰক নিৰ্বাচনী কৌশল প্ৰদান কৰি তেওঁ সফলতা লাভ কৰিছিল।