NORTHEAST NOW (Assamese)
অসম

২০ গৰাকী প্ৰিয়ংকা গান্ধীয়েও পাত্তা নোপোৱা আঙুৰলতা ডেকাৰ শোচনীয় পৰাজয়

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 2, 2021 5:41 pm
sibamoni vs angurlota

কিছুদিন পূৰ্বে কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীক তুচ্ছ তাচ্ছিল্য কৰি এটা ব্যক্তিগত টেলিভিছন চেনেলত মন্তব্য কৰি বটদ্ৰৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাই। আনকি ২০ গৰাকী প্ৰিয়ংকা গান্ধী আৰু তেওঁলোকৰ ১৪ গোষ্ঠী আহিলেও তেওঁক হৰুৱাব নোৱাৰে বুলি প্ৰত্যাহ্বান জনাইছিল।

কিন্তু দুৰ্ভাগ্যৰ বিষয় সেইগৰাকী আঙুৰলতা ডেকাই পৰাজিত হ’ল কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী শিবামণি বৰাৰ হাতত। জানিব পৰা মতে শিবামণিৰ বৰাৰ হাতত আঙুৰলতা ডেকা ১০,৮৭১ টা ভোটত পৰাজিত হৈছে।

উল্লেখযোগ্য যে, কংগ্ৰেছ-এআইয়ুডিএফৰ মিত্ৰতাৰ বাবেই আঙুৰলতা ডেকা পৰাজিত হোৱা বুলি একাংশই মত পোষণ কৰে।

আনহাতে যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ এআইয়ুডিএফে একত্ৰিত হৈ প্ৰতিদ্বন্দ্বিতা নকৰাৰ বাবেই গৌতম বৰা আঙুৰলতা ডেকাৰ হাতত পৰাজিত হ’বলগীয়া হৈছিল। আঙুৰলতাই ৪৬,৪৩৪ টা ভোট লাভ কৰাৰ বিপৰীতে ২০১৬ চনত গৌতম বৰাই লাভ কৰিছিল ৩৮,৪৫৮ টা ভোট। ইয়াৰ বিপৰীতে এআইয়ুডিএফ প্ৰাৰ্থীগৰাকীয়ে ২০১৬ চনত ৩৩,০২২ টা ভোট লাভ কৰিছিল।

কিন্তু এইবাৰ সমষ্টিটোত নাছিল এআইয়ুডিএফৰ প্ৰাৰ্থী।

বৰ্তমানলৈকে অৱশ্যে ২০২১ৰ নিৰ্বাচনত কোনে কিমান ভোট লাভ কৰিছে সেয়া জানিব পৰা হোৱা নাই।