NORTHEAST NOW (Assamese)
Popular Stories

দিল্লী বিমানবন্দৰত লুটি খাই পৰিল বৃদ্ধ, চিপিআৰ দি বচালে যুৱতী চিকিৎসকে! চাওক ভিডিঅ’

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী July 18, 2024 10:17 am

বিমানবন্দৰত হঠাতে বৃদ্ধ মানুহজন লুটি খাই পৰা দেখি উপস্থিত এগৰাকী যুৱতী চিকিৎসকে ভীষণ তৎপৰতা প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে।

অতি সক্ৰিয় তথা ক্ষিপ্ৰতাৰে জৰুৰীকালীন চিপিআৰ দি বৃদ্ধগৰাকীৰ জীৱন ৰক্ষা কৰিলে সেই যুৱতী চিকিৎসকগৰাকীয়ে।

বুধবাৰে দিল্লী বিমানবন্দৰৰ টাৰ্মিনেল টুৰ ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে বৃদ্ধ মানুহজন মজিয়াত নিথৰ হৈ পৰি আছে। বহুতে তেওঁক ঘেৰি ভিৰ কৰি আছে।

তাৰ ভিতৰত যুৱতী চিকিৎসক গৰাকীয়ে বাৰে বাৰে চিপিআৰ দি বৃদ্ধগৰাকীৰ জীৱন ৰক্ষাৰ চেষ্টা চলাইছে। কিছুসময়ৰ পাছত যেতিয়া বৃদ্ধগৰাকীয়ে উশাহ-নিশাহ  ল’বলৈ ধৰিলে, তেতিয়া বিমানবন্দৰ কৰ্তৃপক্ষই চিকিৎসাৰ ব্যৱস্থা কৰে।

চিপিআৰ দি মৃত্যুমুখত পৰা ব্যক্তিৰ জীৱন ৰক্ষা কৰা এইটো প্ৰথম ঘটনা নহয়। এই কথা আগতেও ৰাজপথ আৰু বিমানবন্দৰত দেখা বা শুনা গৈছে।

যোৱা বছৰতে ব্ৰিটেইনৰ পৰা দিল্লীলৈ অহা বিমানত এজন যাত্ৰী অসুস্থ হৈ পৰাত এজন ভাৰতীয় চিকিৎসকে তেওঁৰ জীৱন ৰক্ষা কৰিছিল। এইবাৰো যাত্ৰীসকলে বিমানবন্দৰত একেধৰণৰ পৰিস্থিতিৰ সাক্ষী হ’ল।