NORTHEAST NOW (Assamese)
অসম

পৃথক নাৱত অগপ বনাম নেতৃত্ব

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 22, 2019 5:08 pm
Prafulla Mahanta AGP

অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক নেতা প্ৰফুল্ল কুমাৰ মহন্তই শুকুৰবাৰে কৰা মন্তব্যই স্পষ্ট কৰিছে নাগৰিকত্ব বিধেয়কক লৈ দল আৰু নেতৃত্ব পৃথক নাৱত চলিছে।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কৈছে, অসম গণ পৰিষদে বিধেয়কখনৰ বিৰোধিতা কৰিব, কিন্তু নেতৃত্বৰ কথা তেওঁ নাজানে।

নেতৃত্বৰ কথা নাজানো বুলি কৈয়ে মহন্তই “কোনোবাই আসনৰ লোভত বিজেপিৰ লগত থাকিব পাৰে” বুলিও মন্তব্য কৰিছে।

অগপ সভাপতি অতুল বৰাৰ শেহতীয়া মন্তব্যসমূহৰ বিপৰীতে মহন্তৰ এই ঘোষণাই বিধেয়কক লৈ আঞ্চলিকতাবাদী দলটোৰ অভ্যন্তৰীণ দ্বি-স্থিতি স্পষ্ট কৰিছে।

ছবছৰীয়া বিদেশী বিতাড়ন আন্দোলনৰ বুকুত জন্মা অগপই অসম চুক্তি নিৰ্ধাৰিত ১৯৭১ চনৰ ২৫ মাৰ্চক ৰাজ্যত নাগৰিকত্ব চিনাক্তকৰণৰ আধাৰৰূপে ঘোষণা কৰি আহিছে।

বিপৰীতে, নাগৰিকত্ব বিধেয়ক, ২০১৬এ ভাৰতৰ চুবুৰীয়া দেশকেইখমানৰ অমুছলমান, সংখ্যালঘু ধৰ্মৰ লোকৰ ভাৰতীয়কৰণৰ চৰ্ত শিথিল কৰিব খুজিছে।

লোক সভাৰ চলিত শীতকালীন অধিৱেশনত বিধেয়কখন উত্থাপন হ’ব বুলি বাতৰি ওলোৱাৰ পিছৰে পৰা সাংবাদিকৰ লগতে বহু লোকে চ’চিয়েল মিদিয়াত অগপৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে।

কিন্তু, অগপ সভাপতি তথা বিজেপি মিত্ৰজোঁট চৰকাৰৰ মন্ত্ৰী অতুল বৰাই বিধেয়ক সমৰ্থন কৰা বা নকৰাক লৈ স্পষ্ট উত্তৰ দিয়া নাই, দলৰ মজিয়াত আলোচনাৰ কথা কৈছে।

বৰাৰ এই স্থিতিৰ বিপৰীতে মহন্তই শুকুৰবাৰে কৈছে যে কেবে অসমৰ স্বাৰ্থ ক্ষুণ্ণ কৰিব।

“অসম চুক্তি ৰূপায়ণ কৰাৰ বিপৰীতে বিজেপিয়ে পিছ দুৱাৰেদি বিদেশী আনিব বিচাৰিছে। ৰেড কাৰ্পেট পাৰি দি বিদেশী আনিব বিচৰা কাৰ্য্যৰ বিৰোধিতা কৰিছো,” মহন্তৰ মত।

কেবৰ বিৰোধিতা কৰাৰ বাবে অগপৰ পৰা কেইবাজনো নেতা আৰু যোৰহাট জিলা সমিতিকো বহিষ্কাৰ কৰাৰ কথাও মহন্তই উল্লেখ কৰে।