NORTHEAST NOW (Assamese)
দেশ

প্ৰিয়ংকা গান্ধীৰ সম্পত্তি কিমান জানেনে?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 25, 2024 5:34 pm

বুধবাৰে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই মনোনয়ন পত্ৰ দাখিল কৰে। শপতনামাত তেওঁৰ স্থাৱৰ আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ আৰু স্বামী ৰবাৰ্ট ভাড্ৰাৰ স্থাৱৰ আৰু স্থাৱৰ সম্পত্তিৰ কথা উল্লেখ কৰিছে। প্ৰিয়ংকা গান্ধীৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১২ কোটি টকা।

কেৰালাৰ ৱায়ানাদ সমষ্টিৰ পৰা লোকসভাৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰিয়ংকা গান্ধীয়ে।

বুধবাৰে এক সমাৱেশৰ অন্তত প্ৰিয়ংকা গান্ধীয়ে বিশাল শোভাযাত্ৰাত মনোনয়ন দাখিল কৰে।

নিৰ্বাচন আয়োগে প্ৰদান কৰা তথ্য অনুসৰি শপতনামাত প্ৰিয়ংকাই ৪ কোটি ২৪ লাখ ৭৮ হাজাৰ ৬৮৯ টকাৰ স্থাৱৰ সম্পত্তি দেখুৱাইছে।

এই স্থাৱৰ সম্পত্তিসমূহৰ ভিতৰত আছে ৩টা বেংক একাউণ্ট, মিউচুৱেল ফাণ্ড, পিপিএফ একাউণ্ট, স্বামীয়ে উপহাৰ দিয়া ৮ লাখ টকাৰ হোণ্ডা চিআৰভি গাড়ী, ১ কোটি ১৫ লাখ ৭৯ হাজাৰ ৬৫ টকাৰ সোণৰ গহনা। হাতত আছে নগদ ধন ৫২ হাজাৰ টকা।

ইয়াৰ উপৰিও প্ৰিয়ংকা গান্ধীয়ে ৭ কোটি ৭৪ লাখ ১২ হাজাৰ ৫৯৮ টকাৰ স্থাৱৰ সম্পত্তিৰ কথা উল্লেখ কৰে। তাৰ ভিতৰত হিমাচল প্ৰদেশৰ শিমলাত এটা ঘৰ আছে। ইয়াৰ আনুমানিক বজাৰ মূল্য ৫ কোটি ৬৩ লাখ ৯৯ হাজাৰ টকা।

দিল্লীৰ মেহৰৌলি অঞ্চলৰ চুলতানপুৰ গাঁৱত আছে কৃষিভূমি। যাৰ আনুমানিক মূল্য ২ কোটি ১০ লাখ ১৩ হাজাৰ ৫৯৮ টকা।

শপতনামাত স্বামীৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৩৭ কোটি ৯১ লাখ ৪৭ হাজাৰ ৪৩২ টকা বুলি উল্লেখ কৰি স্থাৱৰ সম্পত্তিৰ পৰিমাণ ২৭ কোটি ৬৪ লাখ ৩৮ হাজাৰ ৬৩৩ টকা বুলি উল্লেখ কৰিছে।

শপতনামাত তেওঁ লগতে কয় যে ২০২৩-২৪ বিত্তীয় বৰ্ষত তেওঁৰ আয় আছিল ৪৬ লাখ ৩৯ হাজাৰ ১০০ টকা। ২০২২-২৩ বিত্তীয় বৰ্ষত আয় আছিল ৪৭ লাখ ২১ হাজাৰ ৮২০ টকা।

বুধবাৰে প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ ভাতৃ ৰাহুল গান্ধী আৰু মাতৃ ছোনিয়া গান্ধীৰ সৈতে মনোনয়ন দাখিল কৰে। এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে।