NORTHEAST NOW (Assamese)
Popular Stories

ভাইৰেল হোৱাৰ নিত্য-নতুন কৌশল! জীৱন্ত ফেঁটী মুখৰ ভিতৰত লোৱাৰ ফলত মৃত্যু যুৱকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 8, 2024 11:32 am

ভাইৰেল হোৱাৰ সপোন আৰু বাস্তৱ নহ’ব।ইতিমধ্যে ইনষ্টাগ্ৰামত ৰিল বনাই ভাইৰেল হ’ব বিচৰা এজন যুৱকৰ মৃত্যু হৈছে৷ সেয়াও বিষাক্ত কোব্ৰাৰ কামোৰত। এই ঘটনা সংঘটিত হৈছে তেলেংগানাত। ২০ বছৰীয়া যুৱকজনে এটা ভিডিঅ’ বনাই আছিল, এনেকুৱা কাম কৰিছিল যি শুনিলে আপুনি শিহৰিত হৈ পৰিছিল। কোব্ৰা এটাক মুখত ধৰি ওলমাই ৰাখিছিল। কাষতে থিয় হৈ আছে আন এজন যুৱক। তাৰ লগতে আন এজন যুৱকে মোবাইল ফোনত এই ঘটনাৰ ভিডিঅ’ কৰি আছে।

ভাইৰেল হোৱাৰ নিচা আৰু কিছু লাইক শ্বেয়াৰৰ বাবেই যুৱকজনে প্ৰাণ হেৰুৱালে। তেলেংগানাৰ কামাৰেড্ডী জিলাৰ দেশাইপেট গাঁৱত সংঘটিত হৈছে এই ঘটনা। মৃত যুৱকজনৰ নাম শিৱ। ইতিমধ্যে ছচিয়েল মিডিয়াত বিয়পি পৰিছে যুৱকজনৰ মুখত কোব্ৰাৰ মুখ লৈ থিয় হৈ থকা ভিডিঅ’।

সূত্ৰ অনুসৰি শিৱ গাঁৱৰ এটা কৃষক পৰিয়ালৰ পুত্ৰ। ৬ ফুট দীঘল এটা কোব্ৰা তেওঁলোকৰ গাঁৱত প্ৰৱেশ কৰিলে। কোব্ৰাটো দেখি শিৱ আৰু তেওঁৰ বন্ধুসকলে ধৰিলে। ইয়াৰ পাছত তেওঁলোকে সেই কোব্ৰাটোৰে এটা ৰিল বনোৱাৰ কথা ভাবিলে। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে কোব্ৰাৰ মুখখন নিজৰ মুখৰ ভিতৰতে ভৰাই থোৱা আছে। আনকি মুখত কোব্ৰা এটা লৈ হাতেৰে চুলিখিনি ঠিক কৰি আছে। কেতিয়াবা হাত ভাঁজ কৰিও প্ৰণাম কৰি আছে। এনে পৰিস্থিতিত কোব্ৰায়ে তেওঁৰ মুখত কামুৰিলে। লগে লগে সি অজ্ঞান হৈ পৰিল। ইয়াৰ পাছতে তেওঁক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকে তেওঁক য’ত মৃত ঘোষণা কৰে।