NORTHEAST NOW (Assamese)
অসম

তামুলপুৰৰ বিধায়ক হ’ল ‘মাটিৰ মানুহ’ লেহো ৰাম বড়ো

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক May 3, 2021 11:21 am
Lehoram Bodo

নদীত মাছ মাৰি মাছ বিক্ৰী কৰি বিদ্যালয়ৰ মাচুল,পৰীক্ষাৰ মাচুল দিয়া লেহো ৰাম বড়ো আজি নিৰ্বাচিত হৈছে তামুলপুৰৰ বিধায়ক হিচাপে।

ভোলাঝাৰ গাঁওত অতি দুখীয়া পৰিয়ালত জন্ম গ্ৰহণ কৰা লেহো ৰাম বড়ো পিছত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজীৰ বিষয় শিক্ষক হিচাপে আৰু পৰৱৰ্তী সময়ত এগৰাকী খণ্ড উন্নয়ন বিষয়া হিচাপে চাকৰি কৰিছিল।

পিছত তেওঁ ইউপিপিএল দলৰ পৰা ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি বিধানসভালৈ নিৰ্বাচিত হয়।

লেহো ৰাম বড়ো বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তামুলপুৰবাসী উৎফুল্লিত হৈ পৰে। লেহো ৰাম বড়োয়ে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে, অগ্ৰাধিকাৰ ভিত্তিত তামুলপুৰৰ সমস্যা সমাধান কৰিব বুলিও তেওঁ ব্যক্ত কৰে।