NORTHEAST NOW (Assamese)
Popular Stories

আজৱ! দৰাই নেওতা মুখস্থ মাতিব নোৱাৰাৰ বাবে মাল্যবৰণ নকৰি বিবাহস্থলী ত্যাগ কৰিলে কইনাই, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2021 6:03 pm

বিয়াস্থলী হৈ পৰিল গণিতৰ পৰীক্ষা!

লোৱা হ’ল দৰাৰ নেওতাৰ জ্ঞান।

খোদ কইনাই দৰাক ল’লে এই পৰীক্ষা।

দৰাই নোৱাৰিলে নেওতা মুখস্থ মাতিব।

যাৰ ফলত বাতিল কৰা হ’ল বিয়া!

কইনাক নিজৰ গৃহলৈ আনিবলৈ গৈ দৰাই নেওতা মুখস্থ দিবলগা হোৱা আপুনি কাহানিবা শুনিছেনে?

নাই শুনা?

তেন্তে, শুনক এই আজৱ ঘটনাটোৰ কথা।

উত্তৰপ্ৰদেশৰ পানৱাৰী নামৰ ঠাইখনত শনিবাৰে এখন বিবাহ অনুষ্ঠান হয়।

বিয়াখনত দৰা হৈছে মাহোবা জিলাৰ ধাৱাৰ গাঁৱৰ বাসিন্দা।

যথা সময়ত দৰা আৰু কইনাৰ দুয়োপক্ষৰ সম্পৰ্কীয় লোক আৰু পৰিয়ালবৰ্গই বিবাহ অনুষ্ঠানটোত লগ হয়।

কিন্তু মাংগলিক অনুষ্ঠান চলি থকাৰ মাজতে বিবাহস্থলী এৰি যাব ধৰে কইনাই।

কাৰণটো হৈছে কইনাই কয় যে তাই কেতিয়াও এনেকুৱা এজন লোকক বিয়া কৰিব নোৱাৰে, যি আনকি গণিতৰ সামান্য জ্ঞানো নাজানে!

কইনাই প্ৰকাশ কৰামতে, মাল্যবৰণৰ পূৰ্বে দৰাৰ শৈক্ষিক জ্ঞানৰ প্ৰমাণ ল’বৰ বাবে তাই তেওঁক দুই ঘৰৰ পাটিগণিতৰ নেওতা মুখস্থ মাতিবলৈ কয়।

কিন্তু দৰাই মুখস্থ মাতিব নোৱাৰিলে।

যাৰ ফলত কইনাই বিয়াত নবহাৰ সিদ্ধান্ত লয়।

বন্ধুবৰ্গ আৰু সম্পৰ্কীয় লোকসকলৰ সান্ত্বনাইও ৰখাব নোৱাৰিলে কইনাজনীক।

কইনাৰ সম্পৰ্কীয়সকলে কয় যে তেওঁলোক আচৰিত হৈছে যে দৰা এজন অশিক্ষিত লোক।

তেওঁলোকে অভিযোগ কৰে যে দৰাপক্ষৰ ফালৰ পৰা দৰা যে অশিক্ষিত, সেই বিষয়ে গোপনে ৰখা হৈছিল।

এইক্ষেত্ৰতত দৰাপক্ষই তেওঁলোকক বঞ্চনা কৰাৰো অভিযোগ কৰে।

”কিন্তু মোৰ সাহসী ভগ্নীয়ে সামাজিক নিষেধাজ্ঞা অমান্য কৰি বিবাহস্থলীৰ পৰা আতৰি যায়।”- কইনাৰ এগৰাকী ভগ্নীয়ে এইদৰে কয়।

আৰক্ষীয়ে এই সম্পৰ্কত কোনোধৰণৰ গোচৰ ৰুজু কৰা নাই কাৰণ দুয়োপক্ষৰ মাজত গাওঁবাসীয়ে মিত-মাত লগাবলৈ চেষ্টা কৰিবলৈ ধৰিলে।

অৱশেষত দুয়োপক্ষই ইতিমধ্যে বিনিময় কৰা উপহাৰ আৰু গহণাসমূহ পৰস্পৰে পৰস্পৰৰ মাজত সলনা-সলনি কৰি লয়।

ঘটনাটোৱে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে।