NORTHEAST NOW (Assamese)
Popular Stories

১৫ মে’ পৰ্যন্ত লকডাউন বলৱৎ কৰা হ’ব বিহাৰত, মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2021 5:38 pm

১৫ মে’ পৰ্যন্ত সম্পূৰ্ণ পৰ্যায়ৰ লকডাউন বলৱৎ কৰা হৈছে বিহাৰত।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মঙলবাৰে এই কথা ঘোষণা কৰিছে।

এটা টুইটযোগে মুখ্যমন্ত্ৰীজনে কয় যে কেবিনেট মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াবৰ্গৰ স’তে আলোচনাৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে।

উল্লেখযোগ্য যে যোৱাকালি পাটনা উচ্চ ন্যায়ালয়ে ৰাজ্যখনত তাৎক্ষণিকভাৱে লকডাউন বলৱৎ কৰাৰ পোষকতা কৰিছিল।

ইয়াৰ পূৰ্বে ৰাজ্যখনত ৰাতি ৯ বজাৰ পৰা পুৱা ৫ বজালৈকে নৈশ সান্ধ্যআইন বলৱৎ কৰা হৈছিল।.