NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত হেৰ’ইনসহ দুজন লোকক গ্ৰেপ্তাৰ

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা May 5, 2021 2:19 pm
dru

জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰৰ নেতৃত্বত বাগৰি আৰক্ষীয়ে বাগৰিত ২ পেকেট সন্দেহযুক্ত হেৰ’ইনসহ দুজন লোকক আটক কৰিছে । উদ্ধাৰ হোৱা হেৰ’ইন খিনিৰ ওজন  ২৪.১৬ গ্ৰাম ।

জানিব পৰা অনুসৰি জখলাবন্ধা আৰু বাগৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বাগৰিৰ হাৰমতীৰ পৰা সন্দেহযুক্ত হেৰ’ইন সহ দুজন লোকক আটক কৰে। আটকাধীন দুই যুৱক ক্ৰমে বাগৰিৰ হাৰমতীৰ ইছমাইল আলি আৰু আব্দুল জলিল বুলি জানিব পৰা গৈছে।

আনহাতে আৰক্ষীয়ে আটকাধীন দুয়োজনকে নিজৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

বহুদিনৰ পৰা আৰক্ষীৰ মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছিল ধৃত দুই হেৰ’ইন সৰবৰাহকাৰীয়ে। অৱশেষত আৰক্ষীৰ জালত বন্দী হ’ল দুই সৰবৰাহকাৰী।