NORTHEAST NOW (Assamese)
Popular Stories

গায়ত্ৰী মন্ত্ৰ জপ কৰিলেই ভাল হ’ব ক’ভিড! কেন্দ্ৰই গৱেষণাৰ বাবে হৃষিকেশৰ এইমছলৈ আগবঢ়ালে পুঁজি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2021 3:08 pm

কোভিড ৰোগীসকলে সোনকালে আৰোগ্য হোৱাৰ ক্ষেত্ৰত গায়ত্ৰী মন্ত্ৰ জপ আৰু প্ৰাণায়ামৰ ভূমিকাক লৈ গৱেষণা চলাব হৃষিকেশৰ অল ইণ্ডিয়া ইনষ্টিউট অৱ মেডিকেল চাইন্স তথা এইমছে।

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে এই গৱেষণাৰ বাবে হৃষিকেশৰ এইমছলৈ ৩ লাখ টকা প্ৰেৰণ কৰিছে।

হৃষিকেশৰ এইমছে জনোৱামতে, ‘ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ’ৰ (আইসিএমআৰ) ক্লিনিকেল ট্ৰায়েল ৰেজিষ্ট্ৰিত নথিভুক্ত ২০ জন কোভিড ৰোগীৰ উপৰত চলোৱা হ’ব এই গৱেষণা।

ৰোগীকেইজনক ভাগ কৰা হ’ব দুটি দলত।

১০ জনীয়া দল এটাৰ উপৰত চলোৱা হ’ব চলিত চিকিৎসাপদ্ধতি।

আনটো ১০ জনীয়া দলৰ উপৰত দুসপ্তাহধৰি চলিত চিকিৎসাপদ্ধতিৰ লগে লগে নিয়মিতভাৱে গায়ত্ৰীমন্ত্ৰ জপ কৰোৱা হ’ব উচ্চস্বৰে।

গায়ন্ত্ৰী মন্ত্ৰৰ উপৰিও প্ৰাণায়মৰ দৰে কেইবাটাও যোগাভ্যাসো কৰোৱা হ’ব।

এজন স্বীকৃত যোগশিক্ষকৰ তত্বাৱধানত এই প্ৰাণায়ন কৰোৱা হ’ব।

হৃষিকেশৰ এইমছৰ পালমোনোল’জিষ্ট আৰু সহকাৰী অধ্যাপক ৰুচি দুয়াই কয় যে নিয়মিত গায়ত্ৰী মন্ত্ৰ জপ আৰু প্ৰাণায়মসহ নানাধৰণৰ যোগাভ্যাসে কোভিড ৰোগীসকলৰ অৱসাদ আৰু উদ্বেগৰ মাত্ৰা কমাব পাৰে নে নাই, গৱেষণাটোত সেয়া দেখা পোৱা যাব।