NORTHEAST NOW (Assamese)
অসম

ব্ৰিটেইনৰ ৰাজকুমাৰ প্ৰিন্স উইলিয়াম আৰু পত্নী কেটে খুলিলে ইউটিউব চেনেল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2021 3:02 pm
Prince william and kata williams

বৰ্তমান ছচিয়েল মিডিয়াৰ জনপ্ৰিয়তাৰ পৰা কোনোৱে নিজকে অঁতৰাই ৰাখিব পৰা নাই। সেয়া লাগিলে কোনো সাধাৰণ নাগৰিকেই হওক বা কোনো ৰাজপৰিয়ালৰ ব্যক্তিয়েই হওক।

ব্ৰিটেইনৰ ৰাজকুমাৰ প্ৰিন্স উইলিয়াম আৰু তেওঁৰ পত্নী কেট উইলিয়ামেও ইউটিউব চেনেল আৰম্ভ কৰিছে।

দ্য ডিউক এণ্ড ডাচেচ অপ কেম্ব্ৰিজ নামৰ এই চেনেলটোত এটা ২৫ ছেকেণ্ডৰ ভিডিঅ’ আপলোড কৰা হৈছে।

ইয়াত বিভিন্ন ৰাজকীয় অনুষ্ঠানত প্ৰিন্স উইলিয়াম আৰু কেটৰ আকৰ্ষণীয় মুহূৰ্তৰ ৰেঙণি তুলি ধৰা হৈছে।

ভিডিঅ’টোৰ আৰম্ভণইতে এই দম্পতিয়ে পৰস্পৰে ৰং ৰহইচ কৰা দেখা গৈছে। উইলিয়াম এহাঁহি হাঁহি কেটক কৈছে চিন্তা চৰ্চাৰ কথা কোৱা, এওঁলোকে সকলো ভিডিঅ’ কৰিছে। কেটে মৃদু হাঁহি মাৰি কৈছে, এৰা মই জানো।

ইতিমধ্যে ভিডিঅ’টো ১০লাখতকৈয়ো অধিক লোকে চাইছে। কেট আৰু প্ৰিন্সৰ চেনেলটো ২লাখতকৈয়ো অধিক লোকে চাবস্ক্ৰাইব কৰিছে।