NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰৱেশত লাগিব আৰটিপিচিআৰ ৰিপ’ৰ্ট; মমতা বেনাৰ্জী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 6, 2021 7:20 pm
Mamata-Banerjee-addre

বিজেপি তথা ইয়াৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি এতিয়াও আক্ৰমণাত্মক পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়,‘’আমি দেখিছো যে য’তেই বিজেপি জিকিছে তাতেই সংঘৰ্ষৰ ঘটনা অধিক হৈছে। আচলতে বিজেপিয়ে জনসাধাৰণৰ ৰায় মানি ল’ব পৰা নাই। মই বিজেপিক কৈছো সংযত হওক।‘’

মমতাই লগতে কয়,’ কেন্দ্ৰীয় মন্ত্ৰীসকলে ৰাজ্যখনলৈ আহি উচটনি দি গৈছে। আক্ৰমণ তথা সংঘৰ্ষৰ উচটনি নিদি মই তেওঁলোকক সংযত হ’বলৈ কৈছো। এইবাৰৰ পৰা ৰাজ্যলৈ আহিলে তেওঁলোকে আৰটিপিচিআৰ চাৰ্টিফিকেট আনিব লাগিব। নহ’লে আমি আৰটিপিচিআৰ কৰিম।মন্ত্ৰী বা যিয়েই আহক সকলোৰে ক্ষেত্ৰত এই নিয়ম সমানভাৱে প্ৰযোজ্য হ’ব। আনকি মোৰ ক্ষেত্ৰতো এয়া বলবৎ হ’ব।‘’

মমতা বেনাৰ্জীয়ে এইদৰে বুজাই দিয়ে যে ৰাজ্যৰ কৰ’না পৰিস্থিতিত যেতিয়াই তেতিয়াই যিকোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব।