NORTHEAST NOW (Assamese)
Popular Stories

তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে এম কে ষ্টেলিনে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 7, 2021 2:17 pm

আজি ডিএমকেৰ সভাপতি এম কে ষ্টেলিনে তেওঁৰ মন্ত্ৰীসভাৰ ৩৩ জন মন্ত্ৰীসহিতে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে।

চেন্নাইৰ ৰাজভৱনত এই শপতগ্ৰহণৰ পৰিচালনা কৰে ৰাজ্যখনৰ ৰাজ্যপাল বাৱাঁৰীলাল পুৰোহিতে।

মুখ্যমন্ত্ৰীত্বৰ উপৰিও ষ্টেলিনে ৰাজ্যখনৰ গৃহবিভাগকে ধৰি কেইবাটাও বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ববহন কৰিব।

তেওঁৰ মন্ত্ৰীসভাৰ ৩৩ জন কেবিনেট মন্ত্ৰীত ১৫ জনকৈ নতুন মুখে স্থান পোৱাৰ লগতে ডুৰাইমুৰুগানৰ দৰে জ্যেষ্ঠ নেতাইও স্থান লাভ কৰিছে।

ৰাজ্যপালে কেবিনেট মন্ত্ৰীৰ তালিকাখনত অনুমোদন জনায়।