NORTHEAST NOW (Assamese)
Popular Stories

দেশত অক্সিজেনৰ অভাৱ : সংকট সমধানৰ বাবে টাস্ক ফ’ৰ্চ গঠন দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 8, 2021 8:00 pm
index.jpgkk

দেশত অক্সিজেনৰ অভাৱৰ বাবেই বহু কোভিড ৰোগী মৃত্যু মুখত পৰিছে। অক্সিজেন অভাৱৰ সমস্যাই দেশত গুৰুতৰ সমস্যাৰূপে ধাৰণ কৰাই নহয়, ই দেশৰ স্বাস্থ্য খণ্ডৰ সংকট হিচাপেও দেখা দিছে।

শনিবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অক্সিজেনৰ সংকট মোচনৰ বাবে এক টাস্ক ফ’ৰ্চ গঠন কৰিছে।

শনিবাৰে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠে ১২ গৰাকী সদস্যৰে এই টাস্ক ফ’ৰ্চ গঠন কৰে।

ৱেষ্ট বেংগল ইউনিভাৰ্ছিটি অৱ হেল্থ চায়েন্সৰ প্ৰাক্তন উপাচাৰ্য ভৱতোষ ভট্টাচাৰ্যই নেতৃত্ব দিবলগীয়া এই ১২ জনীয়া টাস্ক ফ’ৰ্চত আছে ক্ৰমে গুৰগাঁৱৰ মেদান্ত হাস্পতালৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ডাঃ নৰেশ ত্ৰেহানসহ দিল্লীৰ গংগাৰাম হাস্পতাল, ভেলুৰৰ ক্ৰিষ্টিয়ান মেডিকেল কলেজ, বাংগালুৰুৰ নাৰায়াণা হেল্থ কেয়াৰ আৰু মুম্বাইৰ ফৰটিছ হাস্পতালৰ চিকিৎসক।

এই ফ’ৰ্চে কোন ৰাজ্যত কিমান অক্সিজেনৰ প্ৰয়োজন আৰু সঠিক মতে অক্সিজেনৰ সৰবৰাহ হৈছে নে নাই এই সকলোবোৰ দিশ তদাৰক কৰিব বুলি কোৱা হৈছে।

উল্লেখ্য যে যোৱা শুকুৰবাৰেই টাস্ক ফ’ৰ্চ গঠনৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছিল উচ্চতম ন্যায়ালয়ে।

স্মৰ্তব্য যে দেশৰ ৰাজ্যসমূহৰ মাজত অক্সিজেনৰ সৰবৰাহকলৈ বিবাদৰ সূত্ৰপাত হৈছিল। যাৰফলত সমগ্ৰ প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিলগৈ।