NORTHEAST NOW (Assamese)
Popular Stories

প্ৰশংসনীয়! লকডাউনৰ সময়ছোৱাত পথৰ কুকুৰৰ বাবে ৬০ লাখ টকা মুকলি কৰিলে এইখন ৰাজ্যই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 10, 2021 3:28 pm

ক’ভিড-১৯ৰ বাবে ঊৰিষ্যাত বৰ্তমান লকডাউন চলি আছে।

লকডাউনৰ বাবে ৰাজ্যখনৰ প্ৰধান চহৰসমূহ অচল হৈ পৰিছে।

ইয়াৰ মাজতে ৰাজ্যখনৰ চৰকাৰে এক বিশেষ ব্যৱস্থা হাতত লৈছে।

এই ব্যৱস্থা অনুযায়ী লকডাউনৰ সময়ছোৱাত ৰাস্তাৰ গৰাকীবিহীন কুকুৰ আৰু অন্য প্ৰাণীবিলাকৰ বাবে খাদ্যৰ ব্যৱস্থা কৰা হৈছে।

ৰাজ্যখনৰ জনসংযোগ বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে যে ইয়াৰ বাবে মুখ্যমন্ত্ৰী নবীন পাটনায়কে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা ৬০ লাখ টকা মঞ্জুৰ কৰিছে।

এই টকাৰে ৰাজ্যখনৰ সৰু-ডাঙৰ বিভিন্ন চহৰত ৰাস্তাৰ প্ৰাণীবিলাকৰ বাবে খাদ্য সামগ্ৰীৰ যোগান ধৰা হ’ব।

বিভিন্ন এলাকাত স্থানীয় স্বেচ্ছাসেৱক আৰু স্বেচ্ছাসেৱী সংগঠনৰ মাধ্যমেৰে এই কাম কৰা হ’ব।

চৰকাৰৰ তৰফৰ পৰা জনা গৈছে যে ভূৱনেশ্বৰ, কটক, চম্বলপুৰ, ৰুৰকেল্লা আৰু ব্ৰহ্মপুৰৰ দৰে মেট্ৰোপলিটান চহৰত দৈনিক ২০ হাজাৰ টকা খৰচ কৰা হ’ব ৰাস্তাৰ কুকুৰৰ খাদ্যৰ বাবে।

পৌৰসভা এলেকাসমূহত দৈনিক ৫ হাজাৰ টকা ধাৰ্য কৰা হৈছে।

আন ৬১টা নিৰ্দিষ্ট এলেকাৰ বাবে দৈনিক ২ হাজাৰ টকা খৰচ কৰা হ’ব।

ঊৰিষ্যা চৰকাৰৰ এই পদক্ষেপ বাবে দেশজুৰি প্ৰশংসাৰ পাত্ৰ হৈছে।