NORTHEAST NOW (Assamese)
অসম

নতুন বছৰৰ সুখবৰ! অসমত বনভূমিৰ পৰিমাণ বৃদ্ধি পাইছে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 31, 2019 8:11 pm
forest assam

অসমৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি আশাৰ সঞ্চাৰ কৰি যোৱা দুবছৰত অসমত বনভূমিৰ পৰিমাণ বৃদ্ধি পাইছে বুলি ‘ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপ’ৰ্ট ২০১৯-ৰ প্ৰতিবেদনৰ পৰা জানিব পৰা গৈছে।

৩০ ডিচেম্বৰত প্ৰকাশিত প্ৰতিবেদনখনৰ তথ্য অনুসৰি বিগত দুবছৰত সামগ্ৰিকভাৱে ভাৰতত বনাঞ্চল আবৃত মাটিকালি বৃদ্ধি পাইছে আৰু এই ইতিবাচক পৰিৱৰ্তন অসমৰ ক্ষেত্ৰতো দেখা গৈছে।

অসমত যোৱা দুবছৰত মুঠ ২২১.৫৪ বৰ্গ কিলোমিটাৰ বনভূমি বৃদ্ধি পাইছে, যিটো শতকৰা হিচাপত ০.৭৯ শতাংশ।

জৰীপৰ ভিত্তিত প্ৰতি দুবছৰৰ অন্তৰত কেন্দ্ৰীয় চৰকাৰে দেশৰ বনাঞ্চল সম্পৰ্কত প্ৰতিবেদন প্ৰকাশ কৰি আহিছে।

প্ৰতিবেদনখনত দেখুওৱা হৈছে যে অসমৰ মুঠ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰৰ ৩৬.১১ শতাংশ বা ২৮,৩২৭ বৰ্গ কিলোমিটাৰ বনাঞ্চল আবৃত। ২০১৭ চনত এই পৰিমাণ আছিল ২৮,১০৫ বৰ্গ কিলোমিটাৰ।

অৱশ্যে এই বৃদ্ধি সকলোতে অনুৰূপ ধৰণৰ নহয় আৰু কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ দৰে কিছুমান জিলাত বনাঞ্চল হ্ৰাস পোৱাৰ তথ্য পোৱা গৈছে, যিটো এইবোৰত চলি থকা ব্যাপক বনধ্বংসৰ পৰিণাম হ’ব পাৰে।

গোটেই ভাৰতত মুঠ ১৩,০০০ বৰ্গ কিলোমিটাৰ বনভূমি বৃদ্ধি পায়। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী প্ৰকাশ জাভেড়কাৰে দিল্লীত এই প্ৰতিবেদন মুকলি কৰিছিল।

উল্লেখযোগ্য যে দুবছৰ পূৰ্বৰ জৰীপতো অসমত বনাঞ্চল বৃদ্ধি পোৱাৰ প্ৰমাণ পোৱা গৈছিল।