NORTHEAST NOW (Assamese)
অসম

দৰং আৰক্ষীৰ জালত নিষিদ্ধ ব্ৰাউন চুগাৰ সহ দুগৰাকী যুৱক

Posted by: ময়ূখ গোস্বামী December 31, 2019 7:52 pm
Darang Story

নৱ বৰ্ষৰ প্ৰাকক্ষণত নিষিদ্ধ দ্ৰব্য সহ দুগৰাকী যুৱক মঙলবাৰে দৰং আৰক্ষীৰ জালত পৰে।

দৰং আৰক্ষী সূত্ৰই নৰ্থ-ইষ্ট নাওক জনোৱা অনুসৰি মঙলবাৰে আৰক্ষী অধীক্ষক নিৰঞ্জন বৰুৱাৰ নেতৃত্বত দৰং আৰক্ষীৰ এটা অভিযানকাৰী দলে অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ সহ যুৱক দুগৰাকীক আটক কৰে।

আৰক্ষীৰ দলটোৱে ভালেকেইটা প্লাষ্টিকৰ বটলত ভৰাই থোৱা অৱস্থাতো ব্ৰাউন চুগাৰো জব্দ কৰে।

আটকাধীন যুৱক দুগৰাকী মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত গুছবাৰী গাঁৱৰ তামছেৰ আলীৰ পুত্ৰ ছাদ্দাম হুছেইন আৰু জহৰুদ্দিন আলীৰ পুত্ৰ হানিফ আলী বুলি চিনাক্ত কৰা হয়।

আৰক্ষীৰ প্ৰাথমিক তদন্তত দুয়োগৰাকীয়ে নিষিদ্ধ দ্ৰব্যৰ সৰবৰাহৰ কথা স্বীকাৰ কৰি ব্ৰাউন চুগাৰখিনি খানাপাৰাৰ পৰা মঙলদৈৰ বিভিন্ন অঞ্চলত বিক্ৰীৰ বাবে আনিছিল বুলি উল্লেখ কৰে।

মঙলদৈ আৰক্ষী থানাত নিষিদ্ধ দ্ৰব্য সৰবৰাহকাৰী যুৱক দুজনৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অধীনত ১০২৭/২০১৯ য়ু/এছ ২২(চি) নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।