NORTHEAST NOW (Assamese)
Popular Stories

১৫০ টকাতে বিয়া পাতিলে এহাল তাৰকা দম্পত্তিয়ে, বিয়াৰ বাবে থোৱা পইচা দান কৰিব ক’ভিড আক্ৰান্তক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 12, 2021 4:46 pm

বিয়াৰ বাবে জমা ৰখা টকা কৰোণা আক্ৰান্ত ৰোগীসকলক প্ৰদান কৰিবলৈ ৰাখি মাত্ৰ ১৫০ টকাতে বিবাহ সম্পন্ন কৰিলে এহাল তাৰকা দম্পত্তিয়ে।

ইয়াৰ পাছতে তাৰকা দম্পত্তিহাল প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।

তাৰকা দুগৰাকী হৈছে জনপ্ৰিয় টিভি তাৰকা তথা মডেল ভিৰাফ পেটেল আৰু অভিনেত্ৰী ছালনী খান্না।

 

View this post on Instagram

 

A post shared by Viraf Patell (@virafpp)

২০১৮ চনত তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে।

২০২০ চনত দুয়ো বিয়াত বহিবলৈ সিদ্ধান্ত লোৱাৰ সময়তে কৰোণাৰ প্ৰথম ঢৌ আৰু লকডাউনৰ বাবে বাতিল কৰা হয় বিবাহ।

চলিত বৰ্ষতে যিকোনো প্ৰকাৰে বিয়াত বহাৰ সিদ্ধান্ত লয় দুয়ো।

ইয়াৰ মাজতে এপ্ৰিল মাহত তেওঁলোকৰ পৰিয়ালৰ লোকো ক’ভিডত আক্ৰান্ত হয়।

যেতিয়া পৰিয়ালৰ লোকসকল আৰোগ্য লাভ কৰে, ভিডিঅ’ কলযোগে দুয়োটা পৰিয়ালে বিয়াৰ বিষয়ে আলোচনা কৰে।

লগে লগে বিয়াৰ আয়োজন চলিল।

যিহেতু ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৰ বাবে বিবাহ অনুষ্ঠানসমূহ স্তিমিতভাৱে পালিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে, সেয়ে অনাড়ম্বৰভাৱেই বিয়াত বহে দুই তাৰকা।

মাত্ৰ ১৫০ টকাতে তেওঁলোকে বিবাহ সম্পন্ন কৰে।

বিয়াৰ বাবে সাঁচি থোৱা টকাসমূহ স্বেচ্ছাসেৱী সংগঠনসমূহৰ স’তে যোগাযোগ কৰি কৰোণা আক্ৰান্ত ৰোগীসকললৈ প্ৰদান কৰিব বুলি তেওঁলোকে জনায়।