NORTHEAST NOW (Assamese)
Popular Stories

কিযে ৰমৰমীয়া ব্যৱসায়! মলত্যাগ কৰিয়েই ঘটিছে কোটি কোটি টকা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 15, 2023 7:20 pm

খাদ্য, নিদ্ৰা আৰু মৈথুনৰ  দৰেই শৌচ কৰাটোও এটা জৈৱিক কামদিনটোত সকলো মানুহে এবাৰ হলেও শৌচ কৰে   

কিন্তু যদি আজি আমি আপোনাক কওঁ যে শৌচ কৰিও উপাৰ্জন কৰিব পাৰিতেতিয়া হয়তো বিশ্বাসেই নকৰিব আপুনি। প্ৰতিদিনে বিদেশী মুদ্ৰাত ৫০০ ডলাৰ অৰ্থা ভাৰতীয় মুদ্ৰাত ৪১ হাজাৰ টকা উপাৰ্জন কৰিব পাৰি মলত্যাগৰ জৰিয়তে। আপুনি আচৰিত হৈছেনে? অৱশ্যেই হ

কিন্তু এয়া কোনো সাধুকথা নহয়বিশুদ্ধ সত্য দৰাচলতে শেহতীয়াকৈ চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছিলসেই ভিডিঅটোত মল দান কৰি ধনী হোৱাৰ যাদুকৰী মন্ত্ৰ দিয়া হৈছে

ভিডিঅটোৰ মতে এজন ব্যক্তিয়ে নিজৰ এদিনীয়া মলৰ বাবে ৫০০ ডলাৰ পৰ্যন্ত উপাৰ্জন কৰিব পাৰে

শেহতীয়াকৈ Taller.t নামৰ এজন ব্যক্তিয়ে চচিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত এটা ভিডিঅপোষ্ট কৰিছেভিডিঅটোত কোৱা হৈছে যে মল দান কৰি বছৰি ১ কোটি ৫০ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰা সম্ভৱgoodnatureprogram.com নামৰ এটা আমেৰিকান ৱেবছাইটে মলৰ বিনিময়ত প্ৰদান কৰে এই ধন।

goodnatureprogram.com ৱেবছাইটৰ মতে এদিনৰ মলৰ বাবে মানুহে ৫০০ ডলাৰ পায়অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ৪১ হাজাৰ টকাএইদৰে মাহিলী প্ৰায় ১২ লাখ টকা আৰু বছৰি ১ কোটি ৫০ লাখ টকা উপাৰ্জন কৰিব পাৰি।

আচলতে মানুহৰ আন্ত্ৰিক অংশত মাইক্ৰবায়ম নামৰ এক প্ৰকাৰৰ বেক্টেৰিয়া থাকেবহু সময়ত ৰোগৰ বাবে মানুহৰ শৰীৰত থকা এই বেক্টেৰিয়াৰ ভাৰসাম্য হেৰাই যায়এই ভাৰসাম্য ৰক্ষাৰ বাবে বাহিৰৰ পৰা বেক্টেৰিয়া ৰোগীৰ শৰীৰত প্ৰৱেশ কৰা হয়এই বেক্টেৰীয়া মানুহৰ মলৰ পৰা সংগ্ৰহ কৰা হয়আৰু সেইবাবেই goodnatureprogram.com ৱেবছাইটে কোটি কোটি টকাত মানুহৰ মল ক্ৰয় কৰিছে

অৱশ্যে কেৱল যিকোনো ব্যক্তিয়েই মল দান কৰিব নোৱাৰেমল দাতাসকলক স্বাস্থ্য পৰীক্ষা আৰু ভিডিঅস্ক্ৰীনিঙৰ জৰিয়তে বাছনি কৰা হয়দাতাৰ পৰা প্ৰথমে তেওঁলোকৰ মলৰ নমুনা সংগ্ৰহ কৰা হয়তাৰ পিছত ডাক্তৰ আৰু গৱেষকে পৰীক্ষা কৰি মলৰ গুণগত মান নিৰ্ণয় কৰে। তাৰ পিছত মানুহজনৰ পৰা নিয়মিতভাৱে মল সংগ্ৰহ কৰা হয়

এই মল বিক্ৰীৰ ধাৰা ইতিমধ্যে আমেৰিকা আৰু কানাডাত যথেষ্ট জনপ্ৰিয় হৈ পৰিছেবহুতে এইদৰে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছে

ইনষ্টাগ্ৰামত ভিডিঅটো পোষ্ট কৰাৰ পিছত নেটিজেন সকলে কয়, “আমি দৈনিক হাজাৰ হাজাৰ টকা টয়লেটত ফ্লাছ কৰি আছোঁ।”