NORTHEAST NOW (Assamese)
অসম

শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ দাবীত ২৮ মাৰ্চত বৰপেটাত প্ৰতিবাদ কৰিব ছাত্ৰ মুক্তিয়ে

Posted by: এন ই নাও নিউজ March 26, 2018 2:43 pm
800

শিক্ষাৰ ব্যক্তিগতকৰণৰ স্বাৰ্থত ৰাজহুৱা শিক্ষানুষ্ঠান বিলুপ্ত কৰাৰ ষড়যন্ত্ৰ, শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তিকে ধৰি  বিভিন্ন দাবীত অহা ২৮ মাৰ্চত বৰপেটা চহৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এক ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

প্ৰাথমিক, মাধ্যমিক, উচ্চ শিক্ষাকে ধৰি শিক্ষাৰ সৈতে জড়িত বিভিন্ন সমস্যা সমাধানৰ দাবীত বৰপেটা  জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাওৰ জৰিয়তে এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৰপেটা  জিলা সমিতিয়ে জানিবলৈ দিছে।

এই সন্দৰ্ভত বৰপেটা  জিলা ছাত্ৰ মুক্তিৰ সম্পাদক আশ্ৰাফুল হুছেইনে কয় যে শিক্ষাৰ যি ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণ আৰম্ভ হৈছে অদূৰ ভৱিষ্যতে এই শিক্ষা সমাজৰ দৰিদ্ৰ মানুহৰ বাবে সহজলভ্য নহ’ব।

চৰকাৰে শিক্ষাখণ্ডটোৰ ব্যক্তিগতকৰণৰ বাবে স্কুলসমূহত আন্তঃগাঁথনি মজবুত কৰা নাই, ইউনিফৰ্ম দিয়া নাই, প্ৰয়োজন অনুসাৰে শিক্ষক নিযুক্তি দিয়া নাই আৰু আনকি বহু ঠাইত বিদ্যালয় বন্ধ কৰিহে দিয়া হৈছে।

বহু প্ৰয়োজনীয় ঠাইত বিদ্যালয়েই নাই। এয়া প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষালৈ একেই অৱস্থা। সেয়েহে ৰাজহুৱা শিক্ষাখণ্ড বচাই ৰখাৰ দাবীত, শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি, শিক্ষকৰ বদলি বন্ধ ৰখা, ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সংস্কাৰ আদিৰ লগতে আনুষংগিক আন কেতবোৰ দাবী লৈ ২৮ মাৰ্চত প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে।

বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰচাৰ সম্পাদক ৰফিকুল ইছলামে জিলা সমিতিৰ হৈ এক বিবৃতিত এই কথা জানিবলৈ দিছে। সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।