NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াৰ টিংৰাই বজাৰত গ্ৰেনেড বিস্ফোৰণ, এজন নিহত, আলফা স্বাধীনক সন্দেহ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ May 14, 2021 2:39 pm
E1VfMTeUUAMPQB--750x375

ক’ৰ’নাৰ সংহাৰে ত্ৰাসৰ সৃষ্টি কৰা অসমত আজি সংঘটিত হয় এক গ্ৰেনেড বিস্ফোৰণৰ ঘটনা।

তিনিচুকীয়া জিলাৰ ডিগবৈৰ টিংৰাই বজাৰত আজি দুৰ্বৃত্তই গ্ৰেনেড বিস্ফোৰণ ঘটোৱাত এজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰ ভাবে আহত হয়।

জানিব পৰা মতে আজি দুপৰীয়া পুৰণমল আগৰৱালাৰ দোকানলৈ লক্ষ্য কৰি বাইকত অহা দুজন যুৱকে  নিক্ষেপ গ্ৰেনেড।  ফলত চাৰিজন গুৰুতৰভাৱে আহত। আহত চাৰিজনৰ ভিতৰত এজনৰ ডিগবৈ চিকিৎসালয়ত মৃত্যু।

মৃত লোক জনৰ নাম সন্দীপ সিং ( ২৫)। তেওঁৰ  মাকুম শুকানপুখুৰীত ঘৰ বুলি জানিব পৰা গৈছে। চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থকা আহত কেইজন হৈছে- মনজিৎ দাস( ১৯), সুৰজিৎ তালুকদাৰ (২২),ঘনশ্যাম আগৰৱালা ( ৩২)

গ্ৰেনেড নিক্ষেপৰ এই ঘটনাৰ সৈতে আলফা স্বাধীন জড়িত থকা বুলি সন্দেহ কৰা হৈছে।

ইতিমধ্যে ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ লগতে এটা দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

কেইটামান দিনৰ পূৰ্বে জাগুনত হৈছিল এক বিস্ফোৰণ আৰু আজি পুনৰ টিংৰাইত সংঘটিত হোৱা বিস্ফোৰণে কি বুজাব বিচাৰিছে সেয়া ৰহস্যজনক ৷