NORTHEAST NOW (Assamese)
Popular Stories

আজৱ! কৰোণা ভাইৰাচৰ জীয়াই থকাৰ অধিকাৰক লৈ সৰৱ হ’ল এগৰাকী বিজেপি নেতা, কোন?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 14, 2021 2:39 pm
আজৱ! কৰোণা ভাইৰাচৰ জীয়াই থকাৰ অধিকাৰক লৈ সৰৱ হ’ল এগৰাকী বিজেপি নেতা, কোন?

কৰোণাভাইৰাচ এটা জীৱ আৰু ইয়াৰ জীয়াই থকাৰ অধিকাৰ আছে।

মানুহ অথবা আন জন্তুৰ অধিকাৰক লৈ নহয়, এইবাৰ কৰোণাভাইৰাচৰ অধিকাৰক লৈ সৰৱ হৈ পৰিল উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা ত্ৰিভেন্দ্ৰ সিং ৰাৱাট।

”দাৰ্শনিক দৃষ্টিভংগীৰে চাবলৈ গ’লে, কৰোণাভাইৰাচ এটা জীৱ। আমাৰ সকলোৰে দৰে ইয়াৰো জীয়াই থকাৰ অধিকাৰ আছে।”- বৃহস্পতিবাৰে ৰাৱাটে কয়।

তেওঁ কয় যে মানৱজাতিয়ে নিজকে বুদ্ধিয়ক বুলি ভাবে আৰু কৰোণাক নিঃশেষ কৰিবলৈ উলাইছে, সেয়ে ভাইৰাচবিধে নিজৰ ৰূপ অহৰহ সলাই আছে।

অৱশ্যে তেওঁ সকলোকে ভাইৰাচবিধৰ পৰা দূৰৈত থাকিবলৈ অনুৰোধ জনায়।

প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ এই বক্তব্যক লৈ সামাজিক মাধ্যমত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।