NORTHEAST NOW (Assamese)
অসম

বাক্সা জিলাত ভয়াৱহ দুৰ্ঘটনা : নিহত ভাৰতীয় সেনাৰ ২৪ বছৰীয়া জোৱান

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী July 28, 2024 5:31 pm
বাক্সা জিলাত ভয়াৱহ দুৰ্ঘটনা : নিহত ভাৰতীয় সেনাৰ ২৪ বছৰীয়া জোৱান

নামনি অসমৰ বাক্সা জিলাত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনাত। এই দুৰ্ঘটনাত নিহত হৈছে এজন ২৪ বছৰীয়া যুৱক।

জানিব পৰা মতে, গোপী সূত্ৰধৰ নামৰ নিহত যুৱকজন ভাৰতীয় সেনাৰ জোৱান।

প্ৰাপ্ত তথ্য অনুসৰি, ভৱানীপুৰ-মানাহ লিংক ৰোডৰ দাঁতিত এ এছ ১২ এ এ ৮৪৯৮ নম্বৰৰ এখন বাইকসহ গোপী সূত্ৰধৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

শালবাৰী অঞ্চলত অৱস্থিত সৰুগট্টী গাঁৱত গভীৰ নিশা সংঘটিত এই দুৰ্ঘটনাৰ বিষয়ে ৰাতিপুৱাহে স্থানীয় ৰাইজে জানিব পাৰে।

উল্লেখ্য যে কেইদিন মান আগতে ছুটী লৈ ঘৰলৈ আহিছিল সূত্ৰধৰ। সূত্ৰধৰ বিবাহিত আৰু এটি কণমানি সন্তানত পিতৃ।

বৰ্তমান আৰক্ষীয়ে দুৰ্ঘটনাটোৰ সঠিক কাৰণ নিৰ্ণয়ৰ বাবে তদন্ত কৰি আছে।