NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ ষ্টেশ্যন চাৰিআলিৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড; জুইত জাহ গ’ল ৩১ খনকৈ দোকান

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ May 16, 2021 8:55 am
Fire at Sibsagar

আজি পুৱতি নিশা শিৱসাগৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ যায় প্ৰায় ৩১ খনকৈ দোকান। অগ্নিকাণ্ডটোত প্ৰায় পঞ্চাশ লাখ টকাৰ সা-সম্পত্তি ভষ্মীভূত হোৱাৰ আশংকা কৰা হৈছে।

শিৱসাগৰ চহৰৰ মাজমজিয়াস্থিত ষ্টেশ্যন চাৰিআলি দৈনিক বজাৰত সংঘটিত হয় এই অগ্নিকাণ্ডটো।

পুৱা প্ৰায় ৩ বাজি ১০ মিনিটত সংঘটিত হয় এই ঘটনা। মছজিদত আজান দিবলৈ অহা ব্যক্তিগৰাকীয়ে বজাৰত জুই লাগি থকা প্ৰত্যক্ষ কৰে আৰু তেওঁ লগে লগে বজাৰৰ লেচীক অৱগত কৰে।

স্থানীয় ৰাইজে লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। অ’এনজিচি আৰু ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী আহি জুই নিয়ন্ত্ৰণ কৰে যদিও সৰু ডাঙৰ প্ৰায় ৩১ খন দোকান জুইত সম্পূৰ্ণৰূপে জাহ যায়।

শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।

ইপিনে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে বৃহৎ ক্ষয় ক্ষতিৰ পৰিমাণ বৃদ্ধি হোৱা বুলি অভিযোগ কৰে বজাৰখনৰ লেচী জনে। বিদ্যুৎ বিভাগক অৱগত কৰাৰ পিছতো  সময়মতে বিদ্যুৎ সংযোগ বিছিন্ন নকৰাৰ বাবেই দীৰ্ঘ সময় অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিব নোৱাৰিলে। যাৰ বাবে অধিক ক্ষয়ক্ষতি হোৱা বুলি অভিযোগ কৰে বজাৰ খনৰ লেচী গৰাকীয়ে।

উল্লেখ্য যে কাৰ্ফিউৰ বাবে দিনৰ ১ বজাৰ পৰা বন্ধ আছিল ষ্টেশ্যন চাৰিআলিৰ দৈনিক বজাৰ।