NORTHEAST NOW (Assamese)
Popular Stories

গোবৰ আৰু গো-মূত্ৰই কোভিডৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে বুলি মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল সাংবাদিক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 16, 2021 6:37 pm
Monipur

গোবৰ আৰু গো-মূত্ৰই কোভিডৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে বিজেপিৰ এজন ৰাজ্যিক সভাপতিক। এইদৰে মন্তব্য কৰি চৰকাৰৰ ৰোষত পৰিছে এগৰাকী সাংবাদিকসহ এজন ৰাজনৈতিক কৰ্মী।

উল্লেখ্য যে কোভিডত আক্ৰান্ত হৈ মণিপুৰ বিজেপিৰ ৰাজ্যিক সভাপতি টিকেন্দ্ৰ সিংহৰ মৃত্যুৰ হোৱাৰ পিছতে সাংবাদিক কিশোৰচন্দ্ৰ ওৱাংখেম আৰু ৰাজনৈতিক কৰ্মী ইৰেন্দ্ৰো লেইচম্বমকেইৰ বিৰুদ্ধে বৃহস্পতিবাৰে সামাজিক মাধ্যমত আপত্তিজনক আৰু বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ৰাজ্যিক সভাপতিগৰাকীৰ কোভিডত মৃত্যু হোৱাৰ পিছতে সামাজিক মাধ্যমত এই আপত্তিজনক মন্তব্য কৰা বুলি ৰাজ্যখনৰ বিজেপিৰ উপ সভাপতি উশাম দেবান আৰু সাধাৰণ সম্পাদক পি প্ৰেমানন্দ মেইতেইয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

এই অভিযোগৰ ভিত্তিতে বৃহস্পতিবাৰৰ নিশাই আৰক্ষীয়ে সাংবাদিক কিশোৰচন্দ্ৰ ওৱাংখেম আৰু ৰাজনৈতিক কৰ্মী ইৰেন্দ্ৰো লেইচম্বমকেই গ্ৰেপ্তাৰ কৰি আদালত হাজিৰ কৰোৱায়।

আদালতে দুয়োগৰাকীকে ১৭ মে’লৈকে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। উল্লখ্যে যে সাংবাদিক কিশোৰচন্দ্ৰই ইয়াৰ পূৰ্বেও সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত দুবাৰকৈ গ্ৰেপ্তাৰ বৰণ কৰিছিল।

মণিপুৰৰ বিজেপি চৰকাৰে সাংবাদিকগৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ উত্থাপন কৰিছিল।