NORTHEAST NOW (Assamese)
Popular Stories

ব্ৰিটেইন আৰু ভাৰতৰ নতুন প্ৰজাতিৰ কৰোনাক প্ৰতিৰোধ কৰিবলৈ সক্ষম কোভাক্সিন প্ৰতিষেধক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 16, 2021 7:35 pm
Covaxine1

ব্ৰিটেইন আৰু ভাৰতত সংহাৰ চলোৱা কৰোনাৰ দুয়োটা নতুন ষ্ট্ৰেইনক প্ৰতিৰোধ কৰিবলৈ সক্ষম কোভাক্সিন প্ৰতিষেধক। এই দাবী কৰিছে ভেকচিনটোৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ভাৰত বায়’টেকে।

আইচিএমআৰ আৰু ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভিড ভেকচিন কোভাক্সিন ইতিমধ্যে ভাৰতত প্ৰদান কৰি থকা হৈছে।

ভাৰত বায়’টেকৰ যুটীয়া পৰিচালন সঞ্চালক সুচিত্ৰা এলাই টুইটাৰত এই দাবী কৰি কয় যে মেডিকেল জাৰ্ণেল ‘ক্লীনিকেল ইনফেক্সছ ডিজিজ’ৰ এক প্ৰতিবেদনে কোভাক্সিন ভেকচিনে কৰোনাৰ নতুন ষ্ট্ৰেইনক প্ৰতিৰোধ কৰিবলৈ সক্ষম বুলি মন্তব্য কৰিছে।

জানিব পৰা মতে ‘নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজি আৰু আইচিএমআৰে যৌথভাৱে চলোৱা এক পৰীক্ষাত এই তথ্য পোহৰলৈ আহিছে।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বিদেনৰ মুখ্য স্বাস্থ্য উপদেষ্টা এন্থনি ফৌচিয়েও ভাৰতত প্ৰস্তুত কৰা কোভাক্সিনে ‘বি১৬১৭’ নামৰ ডাব্বল মিউটেন্ট প্ৰজাতিৰ কোভিভ ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ সক্ষম বুলি মন্তব্য কৰিছিল।

উল্লেখ্য যে ব্ৰিটেইনত সংহাৰ চলোৱা কৰোনাৰ নতুন প্ৰজাতিৰ কৰোনাক ‘বি১১৭’ আৰু ভাৰতত সংহাৰ চলাই থকা কৰোনা ভাইৰাছক ‘বি১৬১৭’ বুলি কোৱা হৈছে।