NORTHEAST NOW (Assamese)
অসম

অপ্ৰতিৰোধ্য কৰ’না! শিৱসাগৰতো নতুনকৈ ৬১ গৰাকীৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ May 17, 2021 6:22 am
images.jpeg-11(4)

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো ক’ভিড আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধি পাবলৈ ধৰিছে। দেওবাৰে শিৱসাগৰত ৬১ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে।

ইপিনে জিলাখনৰ বাহিৰৰ ৮ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে। দেওবাৰৰ দিনটোত মুঠ ১০২ গৰাকী কোভিড আক্ৰান্ত ৰোগী সুস্থ হৈ ঘৰলৈ উভতে।

জিলাখনত বৰ্তমান সময়লৈকে ৭৩১ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

ইয়াৰে ৫৯২ গৰাকী ব্যক্তি চিকিৎসকৰ পৰামৰ্শ মতে হোম আইছ’লেশ্যনত থকাৰ বিপৰীতে ৭৭ গৰাকী শিৱসাগৰ অসামৰিক চিকিৎসালয়ত, ১৭ গৰাকী চাওলুং চ্যুকাফা হস্পাতালত, ৭ গৰাকী অ’এনজিচি হাস্পাতালত আৰু  ২৭ গৰাকী ডিমৌ পলিটেক্নিকত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ডিব্ৰুগড় মেডিকেল কলেজত ৫ গৰাকী আৰু অন্যান্য ব্যক্তিগত চিকিৎসালয়ত ৬ গৰাকী ব্যক্তি চিকিৎসাধীন হৈ আছে।

দেওবাৰৰ দিনটোত ৬১ গৰাকী ক’ভিড মুক্ত ব্যক্তিক ঘৰলৈ যাবলৈ দিয়া হৈছে। জিলাখনত যোৱা ১ এপ্ৰিলৰ পৰা ১৬ মে লৈকে ১৯৫৫ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে।

ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে অন্য জিলাৰ দৰে শিৱসাগৰতো প্ৰশাসনে দিনৰ ১১ বজাত সকলো দোকান পোহাৰ, শ্বপিং ম’ল,  দৈনিক বজাৰ, সপ্তাহিক বজাৰ, ব্যৱসায় প্ৰতিষ্ঠান আদি বন্ধ কৰাৰ লগতে দুপৰীয়া ১২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰিছে।

ইয়াৰোপৰি জিলাখনৰ সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, স্কুল কলেজ আদি বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে।