NORTHEAST NOW (Assamese)
Popular Stories

শ্বুটিং কৰি থকা অৱস্থাতে আঘাতপ্ৰাপ্ত হ’ল নিক জোনাছ, হস্পিতালত ভৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 17, 2021 1:46 pm

শ্বুটিং কৰিবলৈ গৈ আঘাতপ্ৰাপ্ত হৈছে প্ৰিয়ংকা চোপ্ৰাৰ স্বামী তথা মাৰ্কিন পপ তাৰকা  নিক জোনাছ।

টেলিভিছনৰ এটা অনুষ্ঠানৰ বাবে শনিবাৰে শ্বুটিং কৰি আছিল  নিএক।

সেই সময়তে হঠাৎ আঘাত পায় পপ তাৰকাজনে।

লগালগ তেওঁক এম্বুলেন্সযোগে চিকিৎসালয়লৈ লৈ যোৱা হয়।

নিকৰ আঘাত কিমান গুৰুত্তৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

দেওবাৰে চিকিৎসালয়ৰ পৰা তেওঁক মুকলি কৰি দিয়া হয়।

আঘাতপ্ৰাপ্ত হোৱাৰ ক্ষেত্ৰত অৱশ্যে ২৮ বৰ্ষীয় নিকৰ এয়াই প্ৰথম নহয়।

২০১৮ চনত শৰীৰচৰ্চা কৰি থকা অৱস্থাত হাতত আঘাত পাইছিল পপ তাৰকাজনে।

বৰ্তমান নিক লচ এঞ্জেলছত থকাৰ বিপৰীতে চিনেমাৰ শ্বুটিঙৰ কামত প্ৰিয়ংকা বিগত এবছৰ ধৰি লণ্ডনত আছে।